অসম

assam

ETV Bharat / state

নগাঁৱত ঈদ উদযাপন কি নিৰ্দেশনা জিলা উপায়ুক্তৰ - ক'ভিড প্ৰট'কল

স্বাস্থ্য বিভাগে প্ৰতিখন জিলাৰে প্ৰশাসনক কঠোৰ পদক্ষেপ ল'বলৈ ইতিমধ্যে নিৰ্দেশনা দিছে । যাৰ বাবে প্ৰতিখন জিলাৰে প্ৰশাসনে ঈদ উদযাপনৰ ক্ষেত্ৰত ইছলাম ধৰ্মৰ লোকসকলক ক'ভিড প্ৰট'কল পালনৰ আহ্বান জনাইছে । নগাঁৱৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলাখনৰ মছজিদ আৰু ঈদগাহসমূহৰ মুৰব্বীসকলৰ লগত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত পবিত্র ঈদ পালন আৰু জিলাখনত বলৱৎ হোৱা নতুন SOP ৰ ওপৰত এক সভা অনুষ্ঠিত কৰা হয় ।

Eid
নগাঁৱত ঈদ উদযাপনক লৈ নিৰ্দেশনা জিলা উপায়ুক্তৰ

By

Published : Jul 20, 2021, 5:30 PM IST

নগাঁও, ২০ জুলাই :বুধবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ উল আজহা (eid ul adha) উৎসৱ পালন কৰা হ’ব । ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে অনুষ্টুপীয়াকৈ ঈদ (Eid) উদযাপনৰ বাবে সাজু হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল । অৱশ্যে ক'ভিড মহামাৰীৰ বাবে বিভিন্ন ধৰণৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে ।

স্বাস্থ্য বিভাগে প্ৰতিখন জিলাৰে প্ৰশাসনক কঠোৰ পদক্ষেপ ল'বলৈ ইতিমধ্যে নিৰ্দেশনা দিছে । যাৰ বাবে প্ৰতিখন জিলাৰে প্ৰশাসনে ঈদ উদযাপনৰ ক্ষেত্ৰত ইছলাম ধৰ্মৰ লোকসকলক ক'ভিড প্ৰট'কল পালনৰ আহ্বান জনাইছে । নগাঁৱৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলাখনৰ মছজিদ আৰু ঈদগাহসমূহৰ মুৰব্বীসকলৰ লগত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত পবিত্র ঈদ পালন আৰু জিলাখনত বলৱৎ হোৱা নতুন SOP ৰ ওপৰত এক সভা অনুষ্ঠিত কৰা হয় ।

নগাঁৱত ঈদ উদযাপনক লৈ নিৰ্দেশনা জিলা উপায়ুক্তৰ

সভাত উপায়ুক্তগৰাকীয়ে সকলোকে ঈদৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰে । বৰ্তমান এই ক'ভিড সৃষ্ট পৰিৱেশত সকলোকে জিলা উপায়ুক্ত কবিতা পদ্মনাভনে নতুন SOP ৰ মতে ঘৰতে থাকি পবিত্র ঈদ পালন কৰিবলৈ আহ্বান জনায় ৷ লগতে মছজিদসমূহত ঈদৰ নামাজত যাতে ৫ জনতকৈ অধিক লোকৰ সমাৱেশ নহয়, তাৰ ওপৰত মুৰব্বীসকলক চকু ৰাখিবলৈ আহ্বান জনায় ।

উপায়ুক্তগৰাকীয়ে জিলাখনত বৰ্তমান কিছু উন্নত হোৱা ক'ভিড পৰিস্থিতি অধিক উন্নত কৰিবলৈ সভাত উপস্থিত থকা সকলোৰে সহযোগিতা কামনা কৰে । ইতিমধ্যে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ইয়াৰ পূৰ্বে সংবাদমেলযোগে ঈদ পালনৰ ক্ষেত্ৰত মানিবলগীয়া নীতি-নিৰ্দেশনাসমূহ অৱগত কৰিছে । ক’ভিড সম্পৰ্কীয় চৰকাৰৰ নীতি-নিৰ্দেশনাৰ ম্যাদ এসপ্তাহলৈ বৃদ্ধি কৰা হৈছে ৷

লগতে পঢ়ক :বিনা অনুমতিত বিদেশ ভ্ৰমণ কৰি নিলম্বন হ’ল আই পি এছ বিষয়া

ABOUT THE AUTHOR

...view details