নগাঁও, ২১ জুন : সমগ্ৰ অসমৰ আটাইকেইখন জিলায়েই বছৰটোৰ দ্বিতীয়টো বানত কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে (Flood in Assam 2022) । ইতিমধ্যে বানাক্ৰান্ত জিলাসমূহত সাময়িকভাৱে বন্ধ ঘোষণা কৰা হৈছে শিক্ষানুষ্ঠানসমূহৰ পাঠদান । ব্যতিক্ৰম নহয় নগাঁও জিলাও (Nagaon effected by Flood) । বানৰ কবলত নগাঁৱৰ ৩০৬খন ৰাজহ গাঁও । নগাঁৱৰ বানাক্ৰান্ত তিনিটা ৰাজহ চক্ৰৰ অধীনৰ শিক্ষানুষ্ঠানত পাঠদান বন্ধৰ নিৰ্দেশ জিলা উপায়ুক্তৰ ।
কলং, কপিলীকে ধৰি নৈ-উপনৈসমূহৰ বাঢ়নী পানীয়ে ইতিমধ্যেই প্লাৱিত কৰিছে নগাঁৱৰ বিস্তীৰ্ণ অঞ্চল । বছৰৰ দ্বিতীয়টো বানত জিলাখনৰ ৭টা ৰাজহ চক্ৰৰ অধীনৰ মুঠ ৩০৬ খন গাঁও প্লাৱিত হৈছে (306 villages effected by flood in Nagaon District) । নগাঁৱৰ ৰহা, কামপুৰ, নগাঁও সদৰ, ধিং, ৰূপহীহাট, চামগুৰি,কলিয়াবৰ ৰাজহ চক্ৰৰ অধীনৰ এই ৩০৬ খন গাঁও জলমগ্ন হৈছে । ফলত এক হাহাকাৰ পৰিবেশে বিৰাজ কৰিছে অঞ্চলকেইটাত ।
নগাঁৱৰ ধিং ৰাজহ চক্ৰৰ অধীনৰ ১৫ খন গাঁও, কলিয়াবৰ ৰাজহ চক্ৰৰ অধীনৰ ২ খন, কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ ১০৯ খন, নগাঁও সদৰ ৰাজহ চক্ৰৰ অধীনৰ ৫৯ খন, ৰহা ৰাজহ চক্ৰৰ অধীনৰ ১০৯ খন, ৰূপহীহাট ৰাজহ চক্ৰৰ অধীনৰ ৫ খন আৰু চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ ৭ খন গাঁও দ্বিতীয়টো বানৰ কবলত । জিলাখনৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰাত নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে জনসাধাৰণে (many people of Nagaon effected by flood) । যাৰ ফলত ওখ পথ আৰু বহু বিদ্যালয়ত আশ্ৰয় ল'বলগীয়া হৈছে বন্যাৰ্তই ।