অসম

assam

ETV Bharat / state

ভোটাৰ তালিকাক লৈ জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক

নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ ১৮ নৱেম্বৰত প্ৰকাশ পোৱা ভোটাৰ তালিকা সংশোধনীৰ লগতে বিভিন্ন ওজৰ-আপত্তি সম্পৰ্কে এখন আলোচনা অনুষ্ঠিত হয় ৷

By

Published : Nov 21, 2020, 11:01 PM IST

as_ngn_dc_meeting_img_7203829
ভোটাৰ তালিকাক লৈ জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক

নগাঁও,21 নৱেম্বৰ: শনিবাৰে নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ সভাপতিত্বত জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ লগত ১৮ নৱেম্বৰত প্ৰকাশ পোৱা ভোটাৰ তালিকা ২০২১ খচৰাৰ ওপৰত এখন আলোচনা অনুষ্ঠিত হয় । উক্ত সভাত উপায়ুক্ত গৰাকীয়ে কয় যে, যি সকল নতুন ভোটাৰ আৰু যি সকল ব্যক্তিয়ে ভোটাৰ তালিকাত নাম সংশোধনীৰ লগতে বিভিন্ন ওজৰ-আপত্তি আছে সেই সকলে ১৫ ডিচেম্বৰ তাৰিখৰ ভিতৰত নিজৰ নিজৰ সংশ্লিষ্ট B.L.O. চক্ৰ বিষয়াৰ কাৰ্যালয় বা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়,নগাঁওত গৈ প্ৰ-পত্ৰ সংগ্ৰহ কৰি নিৰ্দিষ্ট তাৰিখৰ ভিতৰত জমা কৰিব লাগিব । ইয়াৰ উপৰিও আগন্তুক তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বিষয়েও সভাত আলোচনা কৰা হয়। উক্ত সভাত অতিৰিক্ত উপায়ুক্ত বন্তি তালুকদাৰ, নিৰ্বাচনী বিষয়া ৰাজ বৰাও উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details