ৰূপহীহাট, 14 এপ্ৰিল :ৰূপহীহাটৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত মাহেৰিপাৰৰ সদ্য বিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে মাহেৰিপাৰৰ জিন্নাত আলী নামৰ 75 বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক জনৰ লগত খাটোৱালৰ 25 বছৰীয়া এগৰাকী যুৱতী বিবাহ পাশত আৱদ্ধ হৈছিল দুদিন পূৰ্বে ।
চাৰি সন্তানৰ পিতৃ বৃদ্ধ জিন্নাত আলীৰ লগত বিয়া হোৱাৰ দুদিন পাচতে স্বামী গৃহৰ পিছফালে থকা এডাল গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় মহিলা গৰাকীৰ মৃতদেহ ৷ উল্লেখ্য যে, মহিলা গৰাকীয়ে আত্মহত্যা কৰিলে নে হত্যাৰ বলি হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।