কলিয়াবৰ, 26 মেঃনগাঁও জিলাৰকলিয়াবৰৰ বৰঘূলীত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়া ৷ চপৰা-চপৰে ব্ৰহ্মপুত্ৰই খহাই নিছে নৈপৰীয়া ৰাইজৰ মাটি-ভেটি ৷ ভয় শংকাৰ মাজতেই এতিয়া দিন অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে নৈপৰীয়া ৰাইজৰ ৷
কলিয়াবৰৰ বৰঘূলীত বৰলুইতৰ গৰা-খহনীয়াই ক্ৰমান্বয়ে ভয়ঙ্কৰ ৰূপ লৈছে ৷ বিগত প্ৰায় দুই দশক ধৰি অঞ্চলটোত হোৱা বৰলুইতৰ গৰাখহনীয়াত ঘৰ-ভেটি উচন হৈছে কেইবা সহস্ৰাধিক পৰিয়ালৰ। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে বিশ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি । দিনক দিনে সংকুচিত হৈ আহিছে বৰঘূলীৰ ভৌগলিক মানচিত্ৰ । চৰকাৰেও অঞ্চলটোৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগৰ জৰিয়তে ব্যয় কৰিছে কোটি-কোটি টকা । কিন্তু, চৰকাৰে অঞ্চলটোৰ সুৰক্ষাৰ বাবে অনুমোদন জনোৱা আচঁনিসমূহ একাংশ ঠিকাদাৰে সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ ৷
আঁচনিসমূহৰ উপযুক্ত ব্যৱহাৰ নোহোৱাৰ বাবেই বৰঘূলিৰ ৰাইজে বছৰৰ পাছত বছৰ ধৰি দুৰ্ভোগ ভূগি অহা বুলি ক্ষোভ প্ৰকাশ কৰিছে ৷ স্বয়ং জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিতে একাংশ ঠিকাদাৰক নাকী লগাব নোৱাৰাতো চৰম পৰিতাপৰ বিষয় বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে পুনৰ গৰাখহনীয়াৰ কবলত পৰিছে কলিয়াবৰৰ বৰঘূলী অঞ্চল । ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াত ক্ৰমান্বয়ে মাটি ভেটি উচন কৰা ঘটনাক লৈ শংকিত হৈ পৰিছে বৰঘূলীৰ নৈপৰীয়া ৰাইজ ৷
কলিয়াবৰত ভয়ংকৰ গৰাখহনীয়াত শংকিত নৈ পৰীয়া ৰাইজ মহাবাহুৰ এই খহনীয়া অব্যাহত থাকিলে বছৰৰ শেষলৈ বৰঘূলী অঞ্চলৰ অস্তিত্বই নাথাকিব বুলি সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰে স্থানীয় লোকসকলে ৷ অতি শীঘ্ৰে উক্ত অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক-সনাতন ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত তৃতীয়জন অভিযুক্ত আটক