অসম

assam

ETV Bharat / state

শীতল পানীয়ৰ নামত আপুনি কি খাইছে ?

এজন ব্যৱসায়ীয়ে বিক্ৰী কৰিবলৈ অনা ট্ৰপিকানা নামৰ শীতল পানীয়ৰ বটলত ওলাইছে বীজলুৱা পদাৰ্থ ৷

শীতল পানীয়ৰ নামত আপুনি কি খাইছে ?

By

Published : Sep 9, 2019, 12:30 PM IST

Updated : Sep 13, 2019, 4:48 PM IST

বটদ্ৰৱা, 9 ছেপ্টেম্বৰঃ বটদ্ৰৱাত একাংশ ব্যৱসায়ীয়ে মুনাফা লাভৰ বাবে শীতল পানীয়ত ভেজালকৰণৰ অভিযোগ উত্থাপন হৈছে ৷ নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়াত পোহৰলৈ আহিছে এক ঘটনা ৷ এজন ব্যৱসায়ীয়ে বিক্ৰী কৰিবলৈ অনা ট্ৰপিকানা নামৰ শীতল পানীয়ৰ বটলত ওলাইছে বীজলুৱা পদাৰ্থ ৷

শীতল পানীয়ৰ নামত আপুনি কি খাইছে ?

ম্যাদ থকা স্বত্তেও ট্ৰপিকানা নামৰ শীতল পানীয়ৰ বটলটোত বীজলুৱা পদাৰ্থ দেখি আতংকিত হৈছে একাংশ গ্ৰাহক ৷ কিয়নো এনে শীতল পানীয় সেৱন কৰাৰ পিচত আপোনাৰ শৰীৰত মাৰাত্মক ৰোগে দেখা দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে ৷ সেয়ে শীতল পানীয় সেৱন কৰাৰ আগতে ভালকৈ পৰীক্ষা কৰিহে সেৱন কৰিব অন্যথা দেহা শীতল কৰিবলৈ গৈ নিজৰ শৰীৰৰলৈ বিপদ মাতি নানিব ৷ স্থানীয় লোকে ঘটনা সন্দৰ্ভত খাদ্য সুৰক্ষা বিভাগৰ হস্তক্ষেপ দাবী কৰিছে এই ক্ষেত্ৰত ৷

Last Updated : Sep 13, 2019, 4:48 PM IST

ABOUT THE AUTHOR

...view details