নগাঁও, 15 মাৰ্চঃ পোষণ পষেক উপলক্ষে দেওবাৰে নগাঁৱত সমাজ কল্যাণ বিভাগে সজাগতা সৃষ্টিৰ উদ্দেশ্যে উলিয়াই চাইকেল ৰেলী। শিশু, কিশোৰী, গৰ্ভৱতী , প্ৰসূতি মহিলাৰ ৰক্তহীনতা ভোগা, শিশুৰ সংখ্যা বছৰি ৩ শতাংশ হ্ৰাস হোৱাৰ বাবে প্ৰতি বছৰে পোষণ পষেক, পোষণ মাহ আদি উদযাপন কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা কৰি আহিছে চৰকাৰে । পোষণ অভিযানৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে ৮ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ সমগ্ৰ ৰাজ্যতে পোষণ পষেক উদযাপন কৰি আহিছে । এই পোষণ পষেকৰ লগত সংগতি ৰাখি দেওবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা নগাঁও সমাজ কল্যান বিভাগে উলিয়াই চাইকেল ৰেলী ।
নগাঁৱত সমাজ কল্যাণ বিভাগৰ চাইকেল ৰেলী - নগাঁৱত সমাজ কল্যাণ বিভাগৰ চাইকেল ৰেলী
পোষণ পষেক উপলক্ষে নগাঁৱত সমাজ কল্যাণ বিভাগৰ চাইকেল ৰেলী । পোষণ অভিযানৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে ৮ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ সমগ্ৰ ৰাজ্যতে পোষণ পষেক উদযাপন কৰি আহিছে ৰাজ্য চৰকাৰে ।
নগাঁৱত সমাজ কল্যাণ বিভাগৰ চাইকেল ৰেলী