সাৱধান! চাইবাৰ অপৰাধীৰ নতুন টাৰ্গেত বেংকত পঞ্জীয়ন কৰা নম্বৰ - ব্যৱসায়ী নুৰুল আমিন
নগাঁৱত আটক দুই চাইবাৰ অপৰাধী ৷ গ্ৰাহকৰ বেংক একাউন্টৰ পৰা নতুন ডিজিটেল কৌশলৰে ধন লুটৰ চেষ্টা ৷ নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নুৰুল আমিনৰ বেংক একাউণ্টৰ পৰা ধন হৰলুকীৰ চেষ্টা চাইবাৰ অপৰাধী চক্ৰৰ ৷
![সাৱধান! চাইবাৰ অপৰাধীৰ নতুন টাৰ্গেত বেংকত পঞ্জীয়ন কৰা নম্বৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4681739-thumbnail-3x2-cyber.jpg)
নগাঁৱত আৰক্ষীৰ জালত চাইবাৰ অপৰাধী চক্ৰ
নগাঁও, 7 অক্টোবৰঃ নগাঁৱত চাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল ৷ গ্ৰাহকৰ বেংক একাউন্টৰ পৰা নতুন ডিজিটেল কৌশলৰে ধন লুট ৷ চাইবাৰ অপৰাধীৰ টাৰ্গেট গ্ৰাহকৰ বেংক একাউণ্টত পঞ্জীয়নভূক্ত ম’বাইল নম্বৰ ৷ জলিয়াতিৰে অপৰাধীয়ে সংগ্ৰহ কৰে গ্ৰাহকৰ নিৰ্দিষ্ট ম’বাইল নম্বৰৰ ছিম কাৰ্ড ৷ নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নুৰুল আমিনৰ বেংক একাউণ্টৰ পৰা ধন হৰলুকীৰ চেষ্টা চাইবাৰ অপৰাধী চক্ৰৰ ৷ ইতিমধ্যে অপৰাধী চক্ৰটোৰ দুই সদস্য আছাদুল আৰু ফিৰোজ আলীক নগাঁৱৰ বি এছ এন এল কাৰ্যালয়ত আটক কৰে আৰক্ষীয়ে ৷
নগাঁৱত আৰক্ষীৰ জালত চাইবাৰ অপৰাধী চক্ৰ
Last Updated : Oct 7, 2019, 11:51 PM IST