অসম

assam

ETV Bharat / state

সাৱধান !! বজাৰত ঘূৰি আছে খমখমীয়া নকল নোট - নকল টকা প্ৰস্তুত কৰা মেচিন

কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত ৰূপহীহাট, উলুৱনি, কলিয়াবৰ আৰু লাওখোৱা চাপৰি থানা আৰক্ষীৰ যৌথ অভিযানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এটা আন্তঃৰাষ্ট্ৰীয় জালনোট ব্যৱসায়ী চক্ৰক ৷

আন্তঃৰাষ্ট্ৰীয় জালনোট চক্ৰ
আন্তঃৰাষ্ট্ৰীয় জালনোট চক্ৰ

By

Published : Feb 16, 2020, 3:00 PM IST

ৰূপহীহাট, 16 ফেব্ৰুৱাৰীঃসাৱধান! আচল নোটৰ মাজত সোমাই থাকিব পাৰে খমখমীয়া নকল নোট ৷ ৰূপহীহাট আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় জালনোট চক্ৰ ৷ নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাঞ্চনপুৰৰ পৰা, আৰক্ষীয়ে জব্দ কৰে এটা নকল টকা প্ৰস্তুত কৰা মেচিন ৷ নকল টকাৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা এটা বৃহৎ চক্ৰৰ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত ৰূপহীহাট, উলুৱনি, কলিয়াবৰ আৰু লাওখোৱা চাপৰি থানা আৰক্ষীৰ যৌথ অভিযানত এই অসাধু চক্ৰটোৰ লগতে এটা নকল টকা প্ৰস্তুত কৰা মেচিন, বৃহৎ পৰিমাণৰ নকল টকা আৰু এখন মটৰচাইকেল জব্দ কৰে আৰক্ষীয়ে ৷

ৰূপহীহাট আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় জালনোট চক্ৰ

আৰক্ষীৰ সুত্ৰ অনুসৰি ধৃতশ্বৰিফুল ইছলামৰ ঘৰত অভিযান চলাই এই সমগ্ৰ কাৰ্যৰ মাষ্টাৰমাইণ্ড, ইছলামপুৰৰ নিজাম আলীক কৰায়ত্ব কৰে ৷ এই চক্ৰটোৱে কেৱল ৰাজ্যখনতেই নহয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নকল মুদ্ৰাৰ এক বৃহৎ বজাৰ চলাই আহিছে ৷ কাঠৰ হস্তনিৰ্মিত এই মেচিনটোৱে অনায়াসে প্ৰস্তুত কৰিব পাৰে অনুৰূপ নকল নোট ৷ আটকাধীন লোককেইজনৰ পৰা অধিক তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details