নগাঁৱত অসমীয়া সংগীতৰ কৰ্মশালা - কৰ্মশালা
অসমীয়া সংগীত, বৰগীত ,জ্যোতি সংগীত আৰু ৰাভা সংগীতৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় কৰ্মশালাখনত।
![নগাঁৱত অসমীয়া সংগীতৰ কৰ্মশালা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3881201-thumbnail-3x2-hh.jpg)
নগাঁও, 19 জুলাইঃ নগাঁৱত দুদিনীয়াকৈ অসমীয়া সংগীতৰ ওপৰত অনুষ্ঠিত হয় কৰ্মশালা । নগাওঁ পৰিবহণ নিগমৰ সমীপৰ এছ আৰ প্ৰডাকচনৰ কাৰ্যালয়ত অনুষ্ঠিত কৰ্মশালাত অংশগ্ৰহণ কৰি সংগীতৰ প্ৰশিক্ষণ দিয়ে জনপ্ৰিয় কণ্ঠশিল্পী জে পি দাস আৰু দীক্ষুয়ে । অসমীয়া সংগীত, বৰগীত ,জ্যোতি সংগীত আৰু ৰাভা সংগীতৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় কৰ্মশালাখনত । এছ আৰ প্ৰডাকচনৰ উদ্যোগত সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত কৰ্মশালাত মুঠ ৪০ গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । বৃহস্পতিবাৰে সামৰণি পৰে অসমীয়া সংগীতৰ ওপৰত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ ।