অসম

assam

এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিল চি আৰ পি এফ

By

Published : May 31, 2022, 8:24 PM IST

এশিঙীয়া গঁড়(One horn rhino) সুৰক্ষাৰ বাবে এইবাৰ পদক্ষেপ গ্ৰহণ কৰিছে চি আৰ পি এফে । বন্যপ্ৰাণী অপৰাধ, প্ৰতিৰোধ আৰু চোৰাংচোৱা সংগ্ৰহৰ বাবেও চি আৰ পি এফে গ্ৰহণ কৰিছে পদক্ষেপ ৷

One horn rhino
এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিল চি আৰ পি এফ

নগাঁও, 31 মে’: অসম গৌৰৱ এশিঙীয়া গঁড়(One horn rhino) সুৰক্ষাৰ বাবে এইবাৰ পদক্ষেপ গ্ৰহণ কৰিছে চি আৰ পি এফে । সমগ্ৰ ভাৰততে অপৰাধ নিয়ন্ত্ৰণ আৰু আইন-শৃংখলাৰ সৈতে জড়িত সকলো ধৰণৰ কৰ্তব্য পালন কৰি আহিছে চি আৰ পি এফে । ইয়াৰ সমান্তৰালকৈ বন্যপ্ৰাণী অপৰাধ, প্ৰতিৰোধ আৰু চোৰাংচোৱা সংগ্ৰহৰ বাবেও চি আৰ পি এফে গ্ৰহণ কৰিছে পদক্ষেপ । দেশৰ বিভিন্ন স্থানত বন্যপ্ৰাণী সৰবৰাহ সম্পৰ্কীয় অপৰাধ প্ৰতিৰোধৰ বাবে সোমবাৰে বেটেলিয়নৰ নগাঁৱৰ কাটিমাৰিস্থিত মুখ্য কাৰ্যালয়ত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সন্দৰ্ভত এখন আলোচনাচক্ৰ অনুষ্ঠিত হয় (Katimari CRPF head headquarter)

এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিল চি আৰ পি এফ

তদুপলক্ষে যোৰহাট খণ্ডৰ মহাপৰিদৰ্শক (অপাৰেচন) সৰবজিৎ সিঙৰ(CRPF IGP Sarbjit Singh)নেতৃত্বত বন্যপ্ৰাণী অপৰাধী প্ৰতিৰোধ আৰু চোৰাংচোৱা সংগ্ৰহৰ ওপৰত এই গুৰুত্বপূৰ্ণ আলোচনা চক্ৰখন আয়োজন কৰা হয় । আলোচনা চক্ৰখনত বন্যপ্ৰাণীৰ অপৰাধ নিয়ন্ত্ৰণ আৰু অপৰাধ সম্পৰ্কীয় নীতি-নিয়ম সম্পৰ্কে আলোচনা কৰা হয় । এই উপলক্ষে গুৱাহাটীৰ সহকাৰী সঞ্চালক (WCCB) জৱাহৰলাল বৰা আৰু তেওঁৰ দলটোৱে বন্যপ্ৰাণী সম্পৰ্কে বিতংভাৱে ব্যাখ্যা আগবঢ়ায় ।

ইয়াৰ পাছত বন্যপ্ৰাণীৰ সৈতে জড়িত অপৰাধৰ বিষয়ে আৰু লগতে ইয়াক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে বহুতো আইনী পদ্ধতিৰ ওপৰত আলোচনা কৰা হয় । এই উপলক্ষে যোৰহাট কাৰ্যকৰী এলেকাৰ ২০ বেটেলিয়ন, ৩৪ বেটেলিয়ন, ১৪২ বেটেলিয়ন আৰু ১৫৫ বেটেলিয়নৰ বহু বিষয়া-জোৱান উপস্থিত থাকে । ৩৪ নং বেটেলিয়নৰ কমাণ্ডেণ্ট শিৱশংকৰ উপাধ্যায়ে বন্যপ্ৰাণী অপৰাধ, সংৰক্ষণ আৰু চোৰাংচোৱাৰ বিষয়ে অৱগত কৰে ।

লগতে পঢ়ক:Tara Air 9 NAET : দুৰ্ঘটনাগ্ৰস্ত বিমানৰ পৰা উদ্ধাৰ অন্তিমটো মৃতদেহ

ABOUT THE AUTHOR

...view details