নগাঁও, 23 জুনঃতিনিদিন কোৱাৰেন্টাইন হৈ থকাৰ পাছতো বহিঃৰাজ্যৰ পৰা অহা তিনি জোৱানৰ স্বাৱ গ্ৰহণ কৰা নাই নগাঁও স্বাস্থ্য বিভাগে ৷ এই গুৰুত্বৰ অভিযোগ এজন চি আৰ পি এফ জোৱানৰ ৷ ফোনেৰে এটা ভিডিঅ' প্ৰস্তুত কৰি চি আৰ পি এফ জোৱানজনে জানিবলৈ দিয়ে যে, এটা মাহৰ ছুটি লৈ ঘৰলৈ আহিছিল জম্মু কাশ্মীৰত কৰ্মৰত চি আৰ পি এফ জোৱান পাপু মণি কলিতা ৷
লগতে পঢ়কঃসমুদ্ৰ মন্থনৰ সময়ত উঠি অহা কল্পবৃক্ষৰ আছে ঐশ্বৰিক বিশেষত্ব
অসম পোৱাৰ পাছত স্বাস্থ্য বিভাগৰ বিধিমানি নগাঁৱৰ ডচন হাইস্কুলৰ কোৱাৰেণ্টাইন কেন্দ্ৰত তিনিদিন পূৰ্বে ভৰ্ত্তি হৈছিল পাপু মণি কলিতা ৷ তেওঁৰ লগতে উক্ত কেন্দ্ৰটোত ৰাজস্থান আৰু বিশাখাপট্টনামত কৰ্মৰত দুই সেনা জোৱান মানৱ জ্যোতি মহন্ত আৰু অজিত কৌৰকো কোৱাৰেন্টাইন কৰিছিল স্বাস্থ্য বিভাগে ।
তিনি দিন উকলাৰ পাছতো স্বাৱ পৰীক্ষণ নহ'ল CRPF জোৱানৰ কিন্তু এই পৰ্যন্ত জিলা স্বাস্থ্য বিভাগৰ ফালৰ পৰা জোৱান তিনিজনৰ স্বাস্থ্য সম্পৰ্কত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি সামাজিক মাধ্যমত ক্ষোভ উজাৰিছে পাপু মণি কলিতাই। ইতিমধ্যে তিনিদিন উকলি যোৱা পিছতো স্বাস্থ্য বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিভাগীয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ কাতৰ অনুৰোধ জনায় জোৱানগৰাকীয়ে।