নগাঁও,৯ ছেপ্টেম্বৰ :নগাঁৱৰ কাতিমাৰীস্থিত ৩৪ নং চিআৰপিএফ কেম্পত দুই জোৱানৰ মাজত সংঘটিত হৈছিল ভয়ংকৰ সংঘৰ্ষ । এই ঘটনাত গুলীত আঘাতপ্ৰাপ্ত হৈছিল যোৰহাটৰ এগৰাকী জোৱান । আনহাতে জোৱানজনক গুলীওৱাৰ পাছতে আত্মহত্যা কৰিছিল আক্ৰমণকাৰী জোৱানজনে ।
ঘটনা সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত আছিল । কি কাৰণত দুয়োগৰাকী জোৱানৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল তাক লৈ চাঞ্চল্যই বিৰাজ কৰি থকাৰ সময়তে কেমেৰাৰ সন্মুখত মুখ খুলিছে আহত চিআৰপিএফ জোৱানজনে । বিজয় মিশ্ৰ নামৰ এজন বহি:ৰাজ্যৰ জোৱানে সতীৰ্থ জোৱান প্ৰাঞ্জল দত্তক গুলীয়াই আহত কৰাৰ পিছত নিজৰ ইনাচাৰ্জ ৰাইফালেৰে গুলীয়াই আত্মহত্যা কৰা ঘটনাৰ কাৰণ ব্যক্ত কৰিলে আহত জোৱান প্ৰাঞ্জল দত্তই ।