অসম

assam

ETV Bharat / state

অৰ্ধ সামৰিক বাহিনীত কৰ্মৰত অসমীয়া বিষয়াৰ মৃত‍্যু

জম্মু-কাশ্মীৰৰ দ'ডা জিলাৰ কুট্লি ভদেৰৱাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৩৩ নং বেটেলিয়ানৰ সহকাৰী উপ-পৰিদৰ্শক অমৃত বৰদলৈৰ আত্মহত্যা ৷ নিজ কৰ্মৰ পৰা উভতি আহি আত্মহত্যা কৰে বিষয়াগৰাকীয়ে ৷ ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Breaking News

By

Published : Sep 3, 2020, 3:11 PM IST

নগাঁও,3ছেপ্টেম্বৰ:জম্মু-কাশ্মীৰৰ দ'ডা জিলাৰ কুট্লি ভদেৰৱাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৩৩ নং বেটেলিয়ানৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শকৰ আত্মহত্যা ৷ নিহত সহকাৰী উপ-পৰিদৰ্শকগৰাকী কলিয়াবৰৰ অমৃত বৰদলৈ বুলি চিনাক্ত কৰা হৈছে ৷ ৫২ বছৰীয়া অমৃতে নিশা নিজৰ কৰ্তব‍্য সমাপন কৰি উভতি আহি কুট্‌লিত থকা আৰক্ষী কাৰ্যালয় চৌহদৰ নিজ চাউনিতে 'চাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্য়া কৰে ৷

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ তথ‍্য অনুসৰি ঘটনাটো পুৱা প্ৰায় ৭বাজি ৩০ মিনিটত সংঘটিত হয় ৷ ঘটনা সংঘটিত হোৱাৰ পাছতে ততাতোয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চাৰি জাই গুলীৰে গুলীবিদ্ধ অমৃত বৰদলৈক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। এই ঘটনাৰ কাৰণ সম্পৰ্কে এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জনাইছে ভদেৰৱাৰ আৰক্ষী সঞ্চালক ৰাজ সিং গৌৰীয়াই ।

অৰ্ধ সামৰিক বাহিনীত কৰ্মৰত অসমীয়া বিষয়াৰ মৃত‍্যু

অন্য এক খবৰৰ বাবে: বৰ্ষাকালিন অধিৱেশনৰ অন্তিমটো দিনত কি কি হ'ল ?

ABOUT THE AUTHOR

...view details