অসম

assam

ETV Bharat / state

শূন্য লৈ কিয় গুলী চলালে নগাঁও আৰক্ষীয়ে ? - পুনৰ আৰক্ষী

নগাঁৱত পুনৰ আৰক্ষী, ড্ৰাগছ ব্যৱসায়ীৰ মাজত সংঘাত । ড্ৰাগছ ব্যৱসায়ীৰ আক্ৰমণত আহত আৰক্ষী । শূন্যলৈ গুলী চলাই আটক ড্ৰাগছ মাফিয়া । নগাঁৱৰ বটদ্ৰৱাৰ পৰা আটক কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ।

নগাঁৱত পুনৰ আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া
নগাঁৱত পুনৰ আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া

By

Published : Sep 14, 2021, 9:33 PM IST

নগাঁও, 14 ছেপ্তেম্বৰ :ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে দিনক দিনে অধিক কঠোৰ হৈছে নগাঁও আৰক্ষী অধীক্ষ আনন্দ মিশ্ৰ বাহিনী । নগাঁৱত পুনৰ গুলীচালনা কৰি আটক কৰিবলগীয়া হ'ল ড্ৰাগছ মাফিয়াক আৰক্ষীয়ে । উল্লেখযোগ্য যে, ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীৰ দলৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হয় ড্ৰাগছ মাফিয়া । যাৰ বাবে শূন্যলৈ গুলি চলাবলগীয়া হয় আৰক্ষীৰ দলে । এই ঘটনাটো সংঘটিত হৈছে নগাঁৱৰ বটদ্ৰৱাত ।

নগাঁৱত পুনৰ আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া

জানিবপৰা মতে, মঙলবাৰে বটদ্ৰৱাৰ ভেৰভেৰিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যায় নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক দীপ্তি মালিৰ নেতৃত্বত এটা আৰক্ষীৰ দলে । ইপিনে অভিযান চলোৱাৰ সময়তেই ড্ৰাগছ মাফিয়াই আৰক্ষীৰ দলটোৰ ওপৰত আৰম্ভ কৰে আক্ৰমণ । ফলত ড্ৰাগছ ব্যৱসায়ীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈ আৰক্ষীয়ে গুলিচালনা কৰিব লগীয়া হয় । ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ গৈ আহত হয় দুজনকৈ আৰক্ষীৰ জোৱান ।

লগতে পঢ়কঃ CAA ৰ বিৰোধিতাৰে ৰাজ্যত আৰম্ভ জাতীয় গৰ্জন কাৰ্যসূচী

নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত চলা এই অভিযানত অৱশেষত আটক হয় ড্ৰাগছ ব্যৱসায়ী মোজাহিদুল হক (২৩), জেহিৰুল ইছলাম( ৩৪), ৰিয়াজ উদ্দীন (২৮) । আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আইনুল হক ওৰফে ভেকুলী ।

অভিযানত আৰক্ষীৰ দলটোৱে জব্দ কৰে এটা এয়াৰ গান, তিনিটা চাবোনৰ বাকচ (39গ্ৰাম) ভৰ্তি ব্ৰাউন চুগাৰৰ লগতে চাৰি বস্তা পাত বেং (ভেকুলী)। লগতে জব্দ AS-01-AA-5283 নংৰ WOGONAR বাহন । অধিক তথ্যৰ বাবে আৰক্ষীয়ে এতিয়াও জেৰা অব্যাহত ৰাখিছে ধৃত ড্ৰাগছ মাফিয়াক কেইটাক ৷

উল্লেখযোগ্য যে, পূৰ্বেও আইনুল হক ( ভেকুলী) গ্ৰেপ্তাৰ হৈছিল যদিও জামিন লাভ কৰি ওলাই আহি পুনৰ জড়িত হয় অপৰাধ জগতত । এতিয়া আৰক্ষীক আক্ৰমণ কৰা কুখ্যাত অপৰাধী ভেকুলীক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তীব্ৰ অভিযান ।

লগতে পঢ়কঃ বঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উৎযাপন

ABOUT THE AUTHOR

...view details