নগাঁও, ১৬ জুলাই:ক্ষোভত ফাটিছে এতিয়া নগাঁৱৰ লাওখোৱাৰ বানাক্ৰান্ত । বানৰ কৱলত পৰি মথাউৰিৰ ওপৰতে গৰু ছাগলীৰ সৈতে আশ্ৰয় গ্ৰহণ কৰি আছে চাৰি শতাধিক পৰিয়ালে । বানৰ প্ৰভাৱত বানাক্ৰান্ত সকলে তীব্ৰ খাদ্য সংকটত ভোগাৰ সময়ত প্ৰশাসনে বান সাহাৰ্য্যৰ যোগান ধৰিছে যদিও সেয়া পর্যাপ্ত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
নগাঁৱৰ লাওখোৱাত সাহাৰ্য্যৰ বাবে বানাক্ৰান্তৰ হাহাকাৰ - বান সাহাৰ্য্য
তীব্ৰ খাদ্য সংকটত মানুহ, পশুধন । পশুখাদ্য বিতৰণস্থলীৰ পৰা খালী মোনা লৈ উভতিল একাংশ । পশুখাদ্য বিতৰণ কৰা স্থানতে ক্ষোভ উজাৰিলে একাংশ মহিলাই ।
নগাঁৱৰ লাওখোৱাত সাহাৰ্য্যৰ বাবে বানাক্ৰান্তৰ হাহাকাৰ
লাওখোৱাৰ ভুৰবন্ধাৰ মথাউৰিৰ ওপৰত গৰু ছাগলীৰ খাদ্য বিতৰণস্থলীত একপ্ৰকাৰৰ উত্তেজনাৰ সৃষ্টি হয় । স্থানীয় গাঁওবুঢ়াৰ নেতৃত্বত বান সাহাৰ্য্য বিতৰণ হৈ থকা সময়তে একাংশ মহিলাই সাহাৰ্য্য নাপায় ক্ষোভ উজাৰে । আনহাতে বান আৰু গৰাখহনীয়াই জুৰুলা কৰা এগৰাকী মহিলাৰ একমাত্ৰ পুত্ৰ সন্তানে আধাতে শিক্ষা জীৱন সামৰি শ্ৰমিক হিচাপে কেৰালাত গৈ নিয়োজিত হৈছে । পৰিয়ালটোৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি এতিয়া চকুলো টুকিছে মহিলাগৰাকীয়ে ।