অসম

assam

By

Published : Aug 20, 2019, 11:52 PM IST

ETV Bharat / state

অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে বটদ্ৰৱা অঞ্চল!

নগাঁও জিলাৰ বটদ্ৰৱাত ব্যাপক হাৰত বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ ৷ মঙলবাৰে বটদ্ৰৱা থানাৰ সন্মুখৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জাসহ সংখ্যালঘু গণতান্ত্ৰিক ফেডাৰেশ্বনে আটক কৰিলে এজন গাঞ্জা ব্যৱসায়ীক ৷

অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে বটদ্ৰৱা অঞ্চল

বটদ্ৰৱা, 20 আগষ্ট: নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অধীনৰ অঞ্চলসমূহ ক্ৰমাৎ পৰিণত হৈছে অপৰাধীৰ ৰম্য ভূমিলৈ ৷ দিন দুপৰতে আৰক্ষীৰ নীৰৱতাৰ সুযোগলৈ আৰক্ষীৰ সন্মুখতে অপৰাধীয়ে সংঘটিত কৰিছে ইটোৰ পিছত সিটো বে-আইনী কাম ৷ বটদ্ৰৱা আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি এতিয়া আৰক্ষীৰ সন্মুখতে দিন দুপৰতে অসাধু ব্যৱসায়ীয়ে অঞ্চলটোত চলাই আহিছে ভাং তথা অন্যান নিচাযুক্ত সামগ্ৰীৰ মুকলি বেহা ৷ অৱশেষত মঙলবাৰে দিনৰ সময়ত থানাৰ সন্মুখৰ পৰাই সংখ্যালঘু গণতান্ত্ৰিক ফেডাৰেশ্বনৰ নেতাসকলে বৃহৎ পৰিমাণৰ গাঞ্জাসহ আব্দুল মতিন নামৰ ব্যৱসায়ীক আটক কৰি বটদ্ৰৱা আৰক্ষীক গটাই দিয়ে ৷ ইফালে সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেশ্বনৰ সম্পাদকক ধনেৰে মেনেজ কৰিবলৈ আহি সংগঠনটোৰ সদস্যসকলৰ আগত হাতে লোটে ধৰা পৰিল ছুলতান আলী নামৰ এটা জুৱাৰী ৷

এতিয়া প্ৰশ্ন হয় বটদ্ৰৱা আৰক্ষী থানাৰ নিচেই কাষতে চলি থকা অবাধ ভাং,জুৱা আদিৰ প্ৰচলন কৰিবলৈ কোনো অনুমতি প্ৰদান কৰিছে অপৰাধীক? কিয় এইসকল অপৰাধীৰ বিৰূদ্ধে একো এটা পদক্ষেপ ল'বলৈ সাহস কৰা নাই বটদ্ৰৱা আৰক্ষীয়ে? ইয়াকে লৈ এতিয়া বৃহত্তৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

ৰাইজে আটক কৰিলে গাঞ্জা ব্যৱসায়ী

ABOUT THE AUTHOR

...view details