নগাঁও, 5 জানুৱাৰী: বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনাৰ বাবে সততে চৰ্চালৈ অহা নগাঁও জিলাত 2022 বৰ্ষৰ তুলনাত কিঞ্চিৎ হ্ৰাস পাইছে অপৰাধৰ সংখ্যা ৷ কিছু বছৰ আগলৈকে ড্ৰাগছ, বিভিন্ন চোৰাং বেহা, হত্যা, ধৰ্ষণ, চুৰি-ডকাইতি আদি অপৰাধে ভিতৰি ভিতৰি শিপাই পেলাইছিল নগাঁও জিলাত ৷ কিন্তু আৰক্ষীয়ে লাহে লাহে সেই শিপাবোৰ উঘালিবলৈ সক্ষম হোৱাৰ ইংগিত পোৱা গৈছে ৷ নগাঁৱত অপৰাধীয়ে আৰক্ষীক কেৰেপ নকৰে বুলি গঢ় লোৱা ধাৰণাক মিছা বুলি প্ৰমাণ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অপৰাধীৰ বিৰুদ্ধে অভিযান ৷
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি নগাঁও জিলাত ২০২২ বৰ্ষৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰিছে অপৰাধৰ সংখ্যা । ইয়াৰ বিপৰীতে জিলাখনত ২০২২ বৰ্ষৰ তুলনাত বৃদ্ধি পাইছে ৰাজহ সংগ্ৰহৰ পৰিমাণ । নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি ২০২২ বৰ্ষত জিলাখনত চাৰি হাজৰৰো অধিক অপৰাধজনিত গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০২৩ বৰ্ষত জিলাখনত ৩,৯২২ টা অপৰাধজনিত গোচৰ ৰুজু হৈছে । ইয়াৰে ড্ৰাগছ সম্পৰ্কীয় গোচৰৰ সংখ্যা ৩৫৪ টা ।
নগাঁও আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানত ৫৯৮ টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য অনুসৰি ২০২৩ বৰ্ষত নগাঁৱত সংঘটিত হোৱা ৫৩৭ টা দুৰ্ঘটনাত ২২৮ জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল । আনহাতে বিগত বৰ্ষত পূৰ্বৰ তুলনাত অধিক ৰাজহ সংগ্ৰহ কৰিবলৈও সক্ষম হয় নগাঁও আৰক্ষী । ২০২২ বৰ্ষত জিলাখনত ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল দুই কোটি টকা । ইয়াৰ বিপৰীতে ২০২৩ বৰ্ষত জিলাখনত ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি হয় ৯ কোটিলৈ ।