অসম

assam

ETV Bharat / state

চি পি আই এম ৰ নগাঁও জিলা সমিতিৰ প্ৰতিবাদ - চি পি আই এম ৰ নগাঁও জিলা সমিতি

সোমবাৰে নগাঁৱৰ শ্বহীদ ভৱনত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ অন্তত নগাঁও চহৰৰ মাজেৰে চি পি আই এম ৰ নগাঁও জিলা সমিতিয়ে বাহিৰ কৰিলে এক বিশাল প্ৰতিবাদী সমদল ৷ উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে দলটোৰ কেইবা শতাধিক কৰ্মীয়ে ৷

CPIM Nagaon district committee protest
চি পি আই এম ৰ নগাঁও জিলা সমিতিৰ প্ৰতিবাদ

By

Published : Mar 16, 2020, 3:24 PM IST

নগাঁও,16 মাৰ্চঃনাগৰিকত্ব সংশোধনী আইনৰ লগতে কেবাটাও দাবীত নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চি পি আই এম ৰ নগাঁও জিলা সমিতিয়ে ৷ সোমবাৰে নগাঁৱৰ শ্বহীদ ভৱনত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ অন্তত নগাঁও চহৰৰ মাজেৰে উলিওৱা হয় এক বিশাল প্ৰতিবাদী সমদল ৷ উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে দলটোৰ কেইবাশতাধিক কৰ্মীয়ে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক আঠটাকৈ দাবী উত্থাপন কৰা হয় ৷ বিশেষকৈ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে বন্ধ হোৱা কল-কাৰখানা পুনৰজীৱিত কৰা, শ্ৰমিকসকলক নিয়োগৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে চি পি আই এমৰ নেতৃবৃন্দই ৷

ABOUT THE AUTHOR

...view details