নগাঁও, 6 জুনঃবটদ্ৰৱা আৰক্ষীৰ জিম্মাত ছফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যু আৰু আৰক্ষী থানাত আক্ৰমণ কৰা ঘটনাৰ তদন্ত বিচাৰি সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বাওঁ দল চি পি আই এমে । সোমবাৰে নগাঁও মহাবিদ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰে দলটোৱে । বটদ্ৰৱাকাণ্ডক লৈ এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে চি পি আই দলে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ঘটনাৰ উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰে (CPI demands high level enquiry on Batadrava incident)।
বিগত ২১ মে'ত বটদ্ৰৱা আৰক্ষী থানাত এজন যুৱকৰ মৃত্যু হোৱাক লৈ দীর্ঘসময় পৰিয়ালৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল বুলি উল্লেখ কৰি বটদ্ৰৱা আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই সমগ্ৰ ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে চি পি আই নেতাই । পৰিয়ালৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ লাঠিচালনা অথবা শূণ্যলৈ গুলীচালনা কিয় নকৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে চি পি আই য়ে ।