অসম

assam

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 8:12 PM IST

ETV Bharat / state

Price hike in Assam: মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত চি পি আইৰ বিক্ষোভ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত অতিষ্ঠ সৰ্বসাধাৰণ । মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত চি পি আইৰ বিক্ষোভ কাৰ্যসূচী । জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ সাত দফীয়া স্মাৰকপত্ৰ চি পি আইৰ । নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থতাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে ।

CPI Protest against Price hike in Nagaon
মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত চি পি আইৰ বিক্ষোভ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত চি পি আইৰ বিক্ষোভ

নগাঁও, ২৭ আগষ্ট:পেট্ৰ’ল, ডিজেল, জীৱনদায়িনী ঔষধৰ পৰা সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণক । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ লোক সন্মুখীন হ’বলগীয়া হৈছে বহু অসুবিধাৰ । মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন প্ৰান্তত দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই শাসকীয় বিজেপি চৰকাৰে । মূল্যবৃদ্ধি ৰোধ কৰাৰ বিপৰীতে বিভিন্ন সময়ত শাসকীয় দলৰ মন্ত্ৰী বিধায়কে নানা তৰল মন্তব্য কৰি আহিছে ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বাওঁপন্থী দল চি পি আইয়ে । সোমবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে চি পি আই । চৰকাৰৰ বিৰুদ্ধে নানা শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে চি পি আই দলৰ নগাঁও জিলা সমিতিয়ে । বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে দলটোৱে ।

শাসকীয় দলে কেৱল পুঁজিপতি বণিয়াৰ স্বাৰ্থত জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰাৰো অভিযোগ উত্থাপন কৰে চি পি আই নেতা ৰাতুল বৰাই । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সাতদফীয়া দাবীত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে চি পি আইৰ নগাঁও জিলা সমিতিয়ে । বিশেষকৈ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ স্মাৰকপত্ৰৰ জৰিয়তে দাবী উত্থাপন কৰে দলটোৱে ।

লগতে ৰাজহুৱা বিতৰণ ব্যৱস্থা অধিক শক্তিশালী কৰি সুলভ মূল্যৰ জৰিয়তে জনসাধাৰণক অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰাৰ দাবীও উত্থাপন কৰে চি পি আইয়ে । ইয়াৰোপৰি পেট্ৰ’লজাত সামগ্ৰী জি এছ টিৰ অন্তৰ্ভুক্ত কৰাকে ধৰি মুঠ সাতটাকৈ দাবী সম্বলিত স্মাৰকপত্ৰ জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে চি পি আইৰ নগাঁও জিলা সমিতিয়ে ।

লগতে পঢ়ক:Price hike in Assam: শাক-পাচলিৰ পিচতে চাউল, তেলৰ আকাশলংঘী মূল্যবৃদ্ধি

ABOUT THE AUTHOR

...view details