অসম

assam

By

Published : Jul 22, 2020, 12:19 PM IST

ETV Bharat / state

পাঁচ সৰবৰাকাৰী সহ জব্দ অবৈধ গৰুভৰ্তি ট্ৰাক

ৰাজ্যত অব্যাহত চোৰাং গৰু সৰবৰাহ । চামগুৰিত জব্দ গৰুভৰ্তি দুখনকৈ ট্ৰাক । আটক 6 জনকৈ গৰু চোৰাং ব্যৱসায়ৰ লগত জড়িত ব্যক্তি ৷

cows-cattle-seized-samuguri-police
অবৈধ গৰুভৰ্তি ট্ৰাক জব্দ

নগাঁও,22জুলাইঃ কৰ'ণা মহামাৰী আৰু বানৰ সংহাৰৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। মঙলবাৰে সন্ধিয়া নগাঁৱত চামগুৰি আৰক্ষীয়ে দুখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে ৬ জন লোকক আটক কৰিবলৈ সক্ষম হয় । চামগুৰিৰ গেৰুৱামুখ আৰু পুঠিখাইতি অঞ্চলৰ পৰা কাছাৰলৈ এ এছ ০১ ডি ডি ০৬৮৫ আৰু এ এছ ০১ জি চি ২০৩৭ নম্বৰৰ ট্ৰাক দুখনত মুঠ ৪৮ টা গৰু ট্ৰাকত ভৰ্তি কৰি লৈ গৈ অৱস্থাত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দলৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আৰক্ষী থানাৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই অবৈধ ভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা কৰা গৰু ভৰ্তি ট্ৰাক দুখন জব্দ কৰে ।

অবৈধ গৰুভৰ্তি ট্ৰাক জব্দ

আনহাতে, গাড়ী দুখনৰ পৰা আৰক্ষীয়ে আটক কৰা ব্যক্তি কেইজন হৈছে ক্ৰমে আব্দুল ওৱাল, আতাবুৰ ৰহমান, দিলদাৰ হুছেইন, ইমাজুদ্দিন, আনচাৰুদ্দিন বৰভূঞা আৰু অহিদ মিঞা ৷ আটক কৰা আটাইকেইজনকে চামগুৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ বানে প্ৰাণ কাঢ়িলে 87 গৰাকীৰ

ABOUT THE AUTHOR

...view details