নগাঁও, 19 জুলাইঃ নগাঁৱত দীৰ্ঘদিন ধৰি চলি অহা গৰু ছিণ্ডিকেটৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে। মঙলবাৰে নিশা আৰক্ষীয়ে গৰুৰ সৈতে চোৰ কেইজনমানৰ আটক কৰাৰ পিছত বৃহস্পতিবাৰে সন্ধিয়া পুনৰ নগাওঁ চহৰৰ ডিমৰুগুৰিত ৰাইজে জব্দ কৰে গৰুভৰ্তি দুখনকৈ ট্ৰাক। ডিমৰুগুৰিৰ একাংশ লোকে ট্ৰাক দুখন জব্দ কৰি আৰক্ষীক খবৰ দিয়ে। কিন্তু আৰক্ষীয়ে গাড়ীখন জব্দ কৰাত কিছু পলম কৰাৰ বাবেই ক্ষুব্ধ হৈ পৰে একাংশ লোক। আৰক্ষীৰ সমুখত একাংশ লোকে ট্ৰাক দুখনৰ চালকক সোধপোছৰ চেষ্টাও কৰে।
নগাঁৱত জব্দ দুখনকৈ গৰু ভৰ্তি ট্ৰাক
ডিমৰুগুৰিৰ একাংশ লোকে ট্ৰাক দুখন জব্দ কৰি আৰক্ষীক খবৰ দিয়ে। কিন্তু আৰক্ষীয়ে গাড়ীখন জব্দ কৰাত কিছু পলম কৰাৰ বাবেই ক্ষুব্ধ হৈ পৰে একাংশ লোক।
জব্দ দুখনকৈ গৰু ভৰ্তি ট্ৰাক
পৰৱৰ্তী সময়ত আৰক্ষীয়ে গৰু কেইটাৰ লগতে ট্ৰাকত থকা 4 জন লোকক জিম্বাত লয়৷ তথ্য অনুসৰি নগাঁৱৰ ৰূপহীহাটৰ পৰা যোৰাবাটলৈ লৈ গৈ আছিল গৰু ভৰ্তি ট্ৰাক দুখন। দুয়োখন ট্ৰাকত আছে মুঠ ৫৭ টা গৰু। আনহাতে ট্ৰাকচালকে গৰুকেইটাৰ নথি পত্ৰ থকা বুলি দাবী কৰিছে ।