নগাঁও,16 জানুৱাৰীঃনগাঁৱতো শনিবাৰৰ পৰা আৰম্ভ হৈছে ক’ভিড- ১৯ ৰ টিকাকৰণ । সমগ্ৰ বিশ্বতে ক’ভিড-১৯ৰ মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ পিছত অৱশেষত আৰম্ভ হৈছে ক’ভিড ১৯ ৰ টিকাকৰণ । শনিবাৰৰ পৰা সমগ্ৰ দেশতে টিকাকৰণ আৰম্ভ হোৱাৰ সমান্তৰালকৈ নগাঁৱতো আৰম্ভ হৈছে টিকাকৰণ ।
নগাঁৱত প্ৰথম দিনাই দুশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক ক’ভিড টিকাকৰণ - অসামৰিক চিকিৎসালয়
নগাঁৱতো আৰম্ভ ক’ভিড টিকাকৰণ । নগাঁৱত দৈনিক দুশজনক কৰা হ'ব টিকাকৰণ ।
![নগাঁৱত প্ৰথম দিনাই দুশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক ক’ভিড টিকাকৰণ নগাঁৱত প্ৰথম দিনাই দুশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক ক’ভিড টিকাকৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10260458-81-10260458-1610775767574.jpg)
নগাঁৱত প্ৰথম দিনাই দুশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক ক’ভিড টিকাকৰণ
নগাঁৱত প্ৰথম দিনাই দুশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক ক’ভিড টিকাকৰণ
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত প্ৰথমে চিকিৎসকসকলক টিকাকৰণ কৰাৰ পিছত স্বাস্থ্য কৰ্মীসকলক টিকাকৰণ আৰম্ভ হয় । একে সময়তে নগাঁৱৰ কঠীয়াতলী হস্পিতালতো আৰম্ভ কৰা হৈছে টিকাকৰণ । প্ৰথম দিনাই নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এশজনক টিকাকৰণ কৰাৰ সমান্তৰালকৈ কঠীয়াতলি হস্পিতালতো এশজনক দৈনিক টিকাকৰণ কৰা হ'ব বুলি অৱগত কৰে জিলা উপায়ুক্ত কবিথা পদ্মনাভনে ।
নগাঁৱত প্ৰথম দিনাই দুশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক ক’ভিড টিকাকৰণ
লগতে পঢ়কঃ সংকটজনক অৱস্থাত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত
Last Updated : Jan 16, 2021, 1:55 PM IST