অসম

assam

ETV Bharat / state

ধিঙত কৰ'ণা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া

ধিং বাসীৰ বাবে এটা ভাল খবৰ । ধিঙত শুকুৰবাৰৰ পৰা জনসাধাৰণৰ বাবে আৰম্ভ হ'ল কৰ'ণা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ।

ধিঙত কৰ'ণা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া
ধিঙত কৰ'ণা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া

By

Published : Feb 5, 2021, 5:43 PM IST

ধিং, ৫ ফেব্ৰুৱাৰী: নগাঁও জিলাৰ ধিঙত শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল কৰ'ণা প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী । সেই মৰ্মে ধিঙৰ এফ আৰ ইউ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক প্ৰদান কৰা হয় কৰ'ণা প্ৰতিষেধক । পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত এইসকল কৰ'ণা যোদ্ধাই কৰ'ণা প্ৰতিষেধক গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে ।

পৰৱৰ্তী পৰ্যায়ত সৰ্বসাধাৰণ লোককো কৰ'ণা প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে চিকিৎসালয়খনৰ চিকিৎসকে । উল্লেখ্য যে, ধিঙত কৰ'ণা প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰাম্ভ হোৱাত কভিড আতংকৰ মাজলৈ এক ভাল বতৰা কঢ়িয়াই অনা বুলি ক’লে ধিং বাসীয়ে ।

লগতে পঢ়ক:ধেমাজিত পৰিত্যক্ত গৃহলৈ ৰূপান্তৰ হৈছে আন্তঃজিলা বাছ আস্থান

ABOUT THE AUTHOR

...view details