চামগুৰি,14 জুন : সমগ্ৰ দেশৰ সমান্তৰালকৈ অসমতো কিছু পৰিমাণে কৰ’ণাৰ সংক্ৰমণ ৰোধ হোৱা পৰিলক্ষিত হৈছে ৷ ইফালে ৰাজ্যজুৰি অব্যাহত আছে কৰ’ণাৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া ৷ কৰ’ণাৰে যুঁজিবলৈ ৰাজ্য়ৰ বিভিন্ন স্থানত চৰকাৰীভাৱে স্বাস্থ্য বিভাগে ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰি বিভিন্ন বয়সৰ লোকক ক’ভিডৰ টীকা প্ৰদান কৰি আহিছে ৷
নগাঁৱৰ চকিটুপত ক’ভিড প্ৰতিষেধক প্ৰদান অভিযান - চকিটুপ ইয়াচিন বক্স আদৰ্শ বিদ্যালয়
কৰ’ণাৰে যুঁজিবলৈ ৰাজ্য়ৰ বিভিন্ন স্থানত ক’ভিড প্ৰতিষেধক প্ৰদান অভিযান অব্যাহত আছে ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নগাঁও চহৰৰ চকিটুপ ইয়াচিন বক্স আদৰ্শ বিদ্যালয়ত নগাঁও স্বাস্থ্য জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰদান কৰা হয় কভিড ভেকচিন ।
নগাঁৱৰ চকিটুপত ক’ভিড প্ৰতিষেধক প্ৰদান অভিযান
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নগাঁৱৰ চকিটুপ ইয়াচিন বক্স আদৰ্শ বিদ্যালয়ত জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা দেওবাৰে ক’ভিড ভেকচিন প্ৰদান কৰা হয় । কেন্দ্ৰটোত প্ৰায় ৫০০ লোকক প্ৰদান কৰা হয় ক’ভিড প্ৰতিষেধক । উক্ত প্ৰতিষেধক প্ৰদান কেন্দ্ৰত স্বাস্থ্যকৰ্মীসকলক সহযোগ কৰে চকিটুপ আঞ্চলিক ভিডিপিয়ে । চকিটুপ আঞ্চলিক ভিডিপিয়ে সকলো ৰাইজক কভিড প্ৰ'টকল পালন কৰি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷
লগত্ পঢ়ক: সাৱধান: ভাৰতীয় চিম ব্যৱহাৰ কৰি চীনা চোৰাংচোৱাৰ লুণ্ঠন