অসম

assam

নগাঁৱৰ প্ৰতিষেধক প্ৰদান শিবিৰত ক'ভিড (Covid) নীতিক ভেঙুচালি

By

Published : Jun 8, 2021, 7:43 PM IST

প্ৰতিখন জিলাতে দৈনিক বহু লোক কৰ’ণা (Corona) মহামাৰীত আক্ৰান্ত হৈ আহিছে যদিও শেহতীয়া পৰিস্থিতিৰ প্ৰতি যেন সজাগ নহয় একাংশ লোক ৷ নগাঁও জিলাত মহামাৰী কৰ'ণা (Corona) ই ভয়ংকৰ ৰূপ লোৱাৰ পাচতো চকিটুপ মধ্য ইংৰাজী বিদ্যালয়ত দেখিবলৈ পোৱা গ'ল এক ভয়ংকৰ ছবি ৷ প্ৰতিষেধক গ্ৰহণৰ বাবে অহা একাংশ লোকে প্ৰতিষেধক প্ৰদান শিবিৰ (Vaccination center) ত ব্যাপক ভিৰ কৰা পৰিলক্ষিত হয় ৷

covid protocol break in nagaon vaccine center
ক'ভিড নীতিক ভেঙুচালি নগাঁৱৰ প্ৰতিষেধক প্ৰদান শিৱিৰত

চামগুৰি, 8 জুন : ৰাজ্যজুৰি মহামাৰী কৰ'ণা (Corona)ই কালৰূপ ধাৰণ কৰাৰ পাচতো কাণসাৰ নাই একাংশ লোকৰ ৷ প্ৰতিখন জিলাতে দৈনিক বহু লোক মহামাৰী কৰ’ণা (Corona)ত আক্ৰান্ত হৈ আহিছে যদিও শেহতীয়া পৰিস্থিতিৰ প্ৰতি যেন সজাগ নহয় একাংশ লোক ৷ ভয়াৱহ পৰিস্থিতিৰ পৰা ৰাজ্যবাসীক উদ্ধাৰৰ বাবে চৰকাৰে সান্ধ্য আইনকে ধৰি আন আন পন্থা জাৰি কৰাৰ পাচতো ক'ভিড নীতিক ভেঙুচালি কৰিছে বিভিন্ন প্ৰান্তৰ অসচেতন লোকে ৷

ক'ভিড নীতিক ভেঙুচালি নগাঁৱৰ প্ৰতিষেধক প্ৰদান শিৱিৰত

শেহতীয়াকৈ নগাঁও জিলাত মহামাৰী কৰ'ণা (Corona)ই ভয়াৱহ ৰূপ লোৱাৰ পাচতো চকিটুপ মধ্য ইংৰাজী বিদ্যালয়ত দেখিবলৈ পোৱা গ'ল এক ভয়ংকৰ ছবি ৷ প্ৰতিষেধক গ্ৰহণৰ বাবে অহা একাংশ লোকে প্ৰতিষেধক প্ৰদান শিবিৰ (Vaccination Center) ত ব্যাপক ভিৰ কৰা পৰিলক্ষিত হয় ৷ ৰাতিপুৱাৰে পৰা শিবিৰটোত লোকসকলে সামাজিক দূৰত্ব নমনাৰ লগতে মাস্ক পৰিধান নকৰাকৈ গাতে গা লগাই ভিৰ কৰাত চিন্তিত হৈ পৰিছে সচেতন লোকসকল ৷ এই ক্ষেত্ৰত জিলা স্বাস্থ্য বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক:যোৰহাটত বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ মহিলা

ABOUT THE AUTHOR

...view details