কলিয়াবৰ,২৭ এপ্ৰিল:ৰাজ্যৰ চৌদিশে কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণ অব্যাহত আছে । নগাঁও জিলাৰ কলিয়াবৰত সোমবাৰৰ দিনটোত আক্ৰান্ত হৈছে ১৪ জনকৈ লোক । ইয়াৰ লগে লগে কলিয়াবৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা হ'লগৈ ৮৩ গৰাকী ।
জখলাবন্ধা চিকিৎসালয় আৰু ইয়াৰ অন্তৰ্গত ৪ টা ক'ভিড পৰীক্ষা কেন্দ্ৰত ১১ গৰাকী লোকৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । আনহাতে চিমনাবস্তি চিকিৎসালয়ৰ ক'ভিড চেণ্টাৰৰ সৈতে জড়িত আন চাৰিটা ক'ভিড পৰীক্ষা কেন্দ্ৰত ৩ জন লোকক ক'ভিডত আক্ৰান্ত হিচাপে চিনাক্ত কৰা হয় ।