কলিয়াবৰ, 5 আগষ্ট :কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত কৰ্মৰত পাঁচজনৰ দেহত ধৰা পৰিছে কোভিড সংক্ৰমণ ৷ বুধবাৰে স্বাৱ পৰীক্ষাৰ অন্তত তেওঁলোকৰ ফলাফল পজিটিভ আহে ৷ কোভিড-19ত আক্ৰান্ত হোৱা কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত কৰ্মৰত দেহৰক্ষী এজন,গৃহৰক্ষী বাহিনীৰ এজন,খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এজন পৰিদৰ্শক আৰু অগ্নি নিৰ্বাপন আৰু জৰুৰী সেৱা বিভাগৰ দুজন জোৱান বুলি জানিব পৰা গৈছে । ইতিমধ্যে আক্ৰান্ত হোৱা আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ কোভিড-19ত আক্ৰান্ত হোৱাৰ পিচতেই মহকুমাধিপতিৰ কাৰ্যালয়টো ছেনিটাইজ কৰি দিয়া হৈছে ৷
কলিয়াবৰত নতুনকৈ পাঁচজনৰ কোভিড সংক্ৰমণ
কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত কৰ্মৰত পাঁচজনৰ দেহত ধৰা পৰিছে কোভিড সংক্ৰমণ ৷
কলিয়াবৰত নতুনকৈ পাঁচজনৰ কোভিড সংক্ৰমণ