কলিয়াবৰ, 24 মে': ৰাজ্যত অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ সমান্তৰালভাৱে কলিয়াবৰতো বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ সোমবাৰৰ দিনটোত কলিয়াবৰত ক’ভিডত আক্ৰান্ত হৈ এজনৰ মৃত্যু ৷ মৃত ব্যক্তিগৰাকী কলিয়াবৰৰ পুৰণা শালনাৰ শ্যামলাল গৌড় বুলি জানিব পৰা গৈছে ৷ মৃত শ্যামলাল গৌড়ৰ বয়স 54 বছৰ ৷ উল্লেখ্য যে, কিছুদিনৰ পৰা লোকজন অসুস্থ হৈ থকাত পৰিয়ালৰ লোকে তেওঁক চিমনা বস্তি ক’ভিড মডেল হাস্পতাললৈ চিকিৎসা কৰিবলৈ আনিছিল ৷
চিকিৎসালয়ত ক’ভিড পৰীক্ষা কৰাত তেওঁৰ দেহত ধৰা পৰে ক’ভিড-19ৰ অৱস্থিতি ৷ সংকটজনক অৱস্থাত আক্ৰান্ত ব্যক্তিজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পথতে মৃত্যু ঘটে লোকজনৰ ৷