নগাঁও, 13 আগষ্ট :ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে নগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ চিকিৎসাকৰ্মীক আক্ৰমণ কৰি পলায়ন কৰে এগৰাকী ক'ভিড পজিটিভ ৰোগী ৷
ক'ভিড ৰোগীৰ প্ৰহাৰত আহত চিকিৎসাকৰ্মী - শাৰীৰিকভাৱে আক্ৰমণ
নগাঁৱত ক'ভিড ৰোগীৰ প্ৰহাৰত আহত চিকিৎসাকৰ্মী ৷ মাৰোৱাৰী হিন্দী হাইস্কুলৰ ক'ভিড স্ক্ৰীণিং চেণ্টাৰত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাক কেন্দ্ৰ কৰি শংকিত নগাঁওবাসী ৷
![ক'ভিড ৰোগীৰ প্ৰহাৰত আহত চিকিৎসাকৰ্মী Covid patient attack Health worker in Nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8406222-thumbnail-3x2-ass.jpg)
তথ্য অনুসৰি, নগাঁও চহৰৰ মাৰোৱাৰী হিন্দী হাইস্কুলৰ ক'ভিড স্ক্ৰীণিং চেণ্টাৰত সংঘটিত হৈছে এই ঘটনা ৷ স্ক্ৰীণিং চেণ্টাৰটোত ক'ভিড পজিটিভ ৰূপে চিনাক্ত হোৱা জিনা দাস নামৰ ব্যক্তি গৰাকীৰ লগত যোৱা ঋষিকেশ মহন্ত নামৰ ব্যক্তি গৰাকীয়ে কৰ্তব্যৰত চিকিৎসা কৰ্মী ৰণিত দাস আৰু খুৰশ্বিদ আলমক শাৰীৰিকভাৱে আক্ৰমণ কৰি স্ক্ৰীণিং চেণ্টাৰটোৰ পৰা পলায়ন কৰাৰ অভিযোগ উখাপন হৈছে ৷ আনকি, ক'ভিড পজিটিভ হোৱা জিনা দাসকো চেন্টাৰটোৰ পৰা লৈ যোৱাৰ অভিযোগ উখাপন হৈছে ৷ যাৰবাবে এই ঘটনাক লৈ এতিয়া শংকিত হৈ পৰিছে নগাঁৱৰ সচেতন ৰাইজ ৷
উল্লেখ্য যে, চিকিৎসাকৰ্মীক প্ৰহাৰ কৰি পলায়ন কৰা ঋষিকেশ মহন্তৰ ঘৰ হৈছে নগাঁও চহৰৰ ঢাকাইপট্টিৰ মতিৰাম বৰা হাইস্কুলৰ সমীপত ।