অসম

assam

চিকিৎসাধীন অৱস্থাত পলায়ন ক’ভিড আক্ৰান্ত কয়দীৰ

By

Published : Jul 1, 2021, 10:33 PM IST

দেহত ক'ভিড-১৯ৰ মাৰাত্মক ভাইৰাছ লৈ চিকিৎসালয়ৰ পৰা পলায়ন কৰিলে এজন কয়দীয়ে ৷ ক’ভিডত আক্ৰান্ত হৈ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় ক'ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসাধীন হৈ আছিল কয়দীজন ৷

covid infected prisoner escaped from hospital
চিকিৎসাধীন অৱস্থাতে পলায়ন ক’ভিড আক্ৰান্ত কয়দীৰ

নগাঁও, 1 জুলাই :পুনৰ ৰাজ্যত চিকিৎসালয়ৰ পৰা পলাল ক’ভিড আক্ৰান্ত লোক ৷ এইবাৰনগাঁৱৰ ক'ভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত পলায়ন কৰে এগৰাকী কয়দীয়ে । জানিব পৰা মতে, পলাতক কয়দীজন নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ এজন আৱাসী ৷ শেহতীয়াকৈ, ক’ভিডত আক্ৰান্ত হৈ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় ক'ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসাধীন হৈ আছিল কয়দীজন ৷

উল্লেখ্য যে, নগাঁও কেন্দ্ৰীয় কাৰাগাৰ(Nagaon central jail)ৰ কেইবাজনো কয়দী শেহতীয়াকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । অইন কয়দীৰ লগতে হাচিম আলী নামৰ কয়দীজানো আক্ৰান্ত হৈছিল ক'ভিড-১৯ ত । হাচিম আলীক নগাঁও কেন্দ্ৰীয় কাৰাগাৰতে আছুতীয়াকৈ ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল যদিও তেওঁৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাত বিগত ২৫ জুনত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰা হয় ।

চিকিৎসালয়খনৰ ক'ভিড কক্ষত চিকিৎসাধীন হৈ থকা অৱস্থাতে বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ পলায়ন কৰে কাৰাবন্দী যুৱকজনে । উল্লেখযোগ্য যে, নগাঁৱৰ জুৰীয়া আৰক্ষী থানাত ৰুজু হৈ থকা ২৪১/১২ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৫৭/৩৮০/৪১১ ভাৰতীয় দণ্ডবিধি আইন(IPC)ৰ অধীনত ৰুজু হৈ থকা এক গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটি আছিল হাচিম আলী নামৰ যুৱকজনে ।

ইফালে চিকিৎসালয়ৰ পৰা পলায়ন কৰা ক'ভিড আক্ৰান্ত কয়দীজন(Covid infected prisoner)ৰ ঘৰ কামপুৰৰ ঘিলানীত বুলি জানিব পৰা গৈছে । দেহত ক'ভিড-১৯ৰ মাৰাত্মক ভাইৰাছ লৈ চিকিৎসালয়ৰ পৰা এজন কয়দীৰ পলায়নক লৈ চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে ক'ভিড কেয়াৰ কেন্দ্ৰটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । পলায়ন কৰা কয়দীৰ সন্ধানত ইতিমধ্যে, নগাঁও আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও, এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই পলাতক ক'ভিড আক্ৰান্ত কয়দীজনক ।

লগতে পঢ়ক :অখিল গগৈ(Akhil Gogoi)ৰ মুক্তিৰ সন্দৰ্ভত ভিন্নজনৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details