চামগুৰি, 31 মে': এজন প্ৰকৃত যোদ্ধা ৷ ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত 98 বছৰীয়া স্বাধীনতা সংগ্ৰামী তথা প্ৰখ্যাত মুক্তিযোদ্ধা নৰেন্দ্ৰ নাথ দাধৰা বিগত 12 মে' তাৰিখে আক্ৰান্ত হৈছিল ক’ৰণাত ৷ 13 মে'লৈ মুক্তিযোদ্ধা গৰাকীয়ে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাবোধ কৰাত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত থকা ক'ভিড ৱাৰ্ডত ৷ ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত এইগৰাকী মুক্তিযোদ্ধাই মনৰ একান্ত আত্মবিশ্বাসৰ বাবে অতি কম দিনৰ ভিতৰতে পুনৰ সুস্থ হৈ উভতি আহিল নিজৰ ঘৰলৈ ৷
মুক্তিযোদ্ধা নৰেন্দ্ৰ নাথ দাধৰৰ লগতে ক'ভিড-19 ত আক্ৰান্ত হৈছিল তেখেতৰ 85 বছৰীয়া পত্নীসহ পৰিয়ালটোৰ প্ৰায় 6 গৰাকীকৈ ব্যক্তি ৷ অৱশ্যে যোৱা 18 মে'ত দাধৰাৰ লগতে পৰিয়ালটোৰ আটাইৰে ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফল নিগেটিভ অহাত অৱশেষত ক'ভিডমুক্ত হয় নৰেন্দ্ৰ নাথ দাধৰাৰ পৰিয়ালটো ৷