চামগুৰি,25 এপ্ৰিল : চামগুৰিত ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু প্ৰথমজন ব্যক্তিৰ মৃত্যু ৷ লোকজন চামগুৰিৰ মালিবস্তী-মিকিৰগাঁৱৰ বিমল হেৰে । শাৰীৰিক অসুস্থতাৰ বাবে দুদিন পূৰ্বে নুমলীগড়ৰ কৰ্মস্থলীৰ পৰা চামগুৰিস্থিত নিজৰ ঘৰলৈ আহিছিল লোকজন । শনিবাৰে চামগুৰিত পৰিয়ালসহ ৰেপিড এণ্টিজেন টেষ্ট কৰাত লোকজনৰ দেহত ধৰা পৰিছিল ক'ভিড-১৯ ৰ অৱস্থিতি ৷ আন পৰিলায়ৰ সদস্য সকলৰ ফলাফল নিগেটিভ আহিছিল । ইপিনে মৃত বিমল হেৰেৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ আঠ জনকৈ সদস্যক শনিবাৰৰ পৰা হ'ম কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছিল স্বাস্থ্য বিভাগে ।
চামগুৰিত ক’ভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু - চামগুৰিৰ মালিবস্তী-মিকিৰগাঁৱ
ক'ভিড-১৯ত আক্ৰান্ত হৈ চামগুৰিত প্ৰথমজন ব্যক্তিৰ মৃত্যু ৷ লোকজন চামগুৰিৰ মালিবস্তী-মিকিৰগাঁৱৰ বিমল হেৰে বুলি জানিব পৰা গৈছে ।
![চামগুৰিত ক’ভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু চামগুৰিত ক’ভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11537009-133-11537009-1619367067685.jpg)
চামগুৰিত ক’ভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু
আনহাতে স্বাস্থ্য বিভাগৰ অনুমতি সাপেক্ষে সমাধিস্থ কৰা হয় ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিক জনক। চামগুৰিৰ বৰদলৰ এখন ৰাজহুৱা সৎকাৰ স্থলীত সম্পূৰ্ণ ক'ভিড প্ৰট'কল পালন কৰি সমাধিস্থ কৰা হয় মৃত বিমল হেৰেক। স্বাস্থ্য বিভাগৰ কৰ্মী আৰু কেইজনমান পৰিয়ালৰ লোকে পিপিই কিট পৰিধান কৰি উপস্থিতি থাকে ব্যক্তিজনৰ শেষকৃত্যত ।