অসম

assam

ETV Bharat / state

বটদ্ৰৱা কোৱাৰেণ্টাইন কেম্পত কৰ’ণা পজিটিভ - বটদ্রৱাৰ শ্রীশ্রী শংকৰদেৱ মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেম্প

বটদ্ৰৱাৰ কোৱাৰেণ্টাইন কেম্পত শুকুৰবাৰে নিশা নজিবুৰ হুছেইন নামৰ এজন যুৱকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ । চেন্নাইৰ পৰা উভতি অহাৰ পিছত 18 মে’ৰ পৰা বটদ্রৱাৰ শ্রীশ্রী শংকৰদেৱ মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেম্পত আছিল যুৱকজন ৷ উল্লেখ্য যে, কোৱাৰেণ্টাইন কেম্পৰ পৰা কেইবাজনো যুৱক বজাৰত ঘূৰি ফুৰাৰ অভিযোগ উত্থাপন হৈছে । আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

বটদ্ৰৱা কোৱাৰেণ্টাইন কেম্পত কৰ’ণা পজিটিভ
বটদ্ৰৱা কোৱাৰেণ্টাইন কেম্পত কৰ’ণা পজিটিভ

By

Published : May 23, 2020, 3:27 PM IST

বটদ্ৰৱা, 23 মে’: বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত কোৱাৰেণ্টাইন কেম্পত থকা এজন যুৱকৰ দেহত কোভিড-19 পজিটিভ পোৱাৰ পিছতেই আতংকিত হৈ পৰিছে সমগ্র বটদ্ৰৱা অঞ্চল । তামিলনাডুৰ চেন্নাইৰ পৰা অহা যুৱকজন নগাঁৱৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত সুতাৰ গাঁৱৰ নিৱাসী নজিবুৰ হুছেইন ৷ 18 মে’ৰ পৰা কোৱাৰেণ্টাইন কেম্পত থকাৰ পিছতে শুকুৰবাৰে নিশা তেওঁৰ দেহত ধৰা পৰে কৰ’ণা পজিটিভ ৷

বটদ্ৰৱা কোৱাৰেণ্টাইন কেম্পত কৰ’ণা পজিটিভ

আনহাতে, বটদ্ৰৱাত কোৱাৰাইন্টাইন কেম্পৰ পৰা বাহিৰলৈ ওলাই গৈ কোৱাৰেণ্টাইন কেম্পৰ সমীপতে থকা বজাৰত কেইবাজনো লোক ঘুৰি ফুৰাৰ অভিযোগ উত্থাপন হৈছে । ইয়াকে লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাক কোৱাৰেণ্টাইন

ABOUT THE AUTHOR

...view details