অসম

assam

ETV Bharat / state

কৰ’ণা আক্ৰান্তৰ মৃতদেহ সৎকাৰক কেন্দ্ৰ কৰি নগাঁৱত হাহাকাৰ

শনিবাৰে ক'ভিড 19 ত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় হোজাই জিলাৰ যোগিজানৰ সুবল বিশ্বাস নামৰ বিজেপি নেতাগৰাকীৰ ৷ বিশ্বাসৰ মৃত্যুৰ পিছতে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হয় পৰিয়ালটো ৷ ক'ভিড 19 ৰ প্ৰট’কল অনুসৰি জিলা প্ৰশাসনে চহৰখনৰ মধুপুৰ শ্মশানত মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰে ৷ কিন্তু ইয়াৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷

By

Published : Aug 30, 2020, 8:02 PM IST

Covid 19 patient cremating in nagaon assam etv bharat news
কৰ’ণা ৰোগীৰ মৃতদেহৰ বিলৈ

নগাঁও,30 আগষ্ট:সম্প্ৰতি যেন আতংকৰ অন্য নাম হৈ পৰিছে কোভিড 19 ৷ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৰ’ণাক লৈ আতংকিত নহ’বলৈ অনুৰোধ জনোৱাৰ পিছতো আশ্বস্ত হ’ব পৰা নাই জন সাধাৰণ ৷ শেহতীয়াকৈ নগাঁৱত এগৰাকী কৰ’ণা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷

শনিবাৰে ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় হোজাই জিলাৰ যোগিজানৰ সুবল বিশ্বাস নামৰ বিজেপি নেতাগৰাকীয়ে ৷ বিশ্বাসৰ মৃত্যুৰ পিছতে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হয় পৰিয়ালটো ৷ ক'ভিড-19 ৰ প্ৰট’কল অনুসৰি জিলা প্ৰশাসনে চহৰখনৰ মধুপুৰ শ্মশানত মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰে ৷ কিন্তু ইয়াৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ জিলা প্ৰশাসনৰ নিৰ্দেশকো আওকাণ কৰে স্থানীয় ৰাইজে ৷

কৰ’ণা ৰোগীৰ মৃতদেহৰ বিলৈ

যাৰ ফলত ওৰে নিশা নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মৰণোত্তৰ পৰীক্ষাগৃহত পৰি ৰয় ৰোগীগৰাকীৰ মৃতদেহ ৷ দেওবাৰে পুৱা অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰাই আমোলাপট্টি শ্মশান কমিটিৰ সৈতে হোৱা আলোচনামৰ্মে মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰে ৷ কৰ’ণা ৰোগীৰ মৃতদেহ সৎকাৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এনে পৰিস্থিতিৰ বাবে ম্ৰিয়মান হৈ পৰে সুবল বিশ্বাসৰ পৰিয়ালবৰ্গ ৷ কৰ’ণা ভাইৰাছৰ বাবে আতংকিত নহৈ সজাগ হোৱাটোহে মূল কথা বুলি প্ৰকাশ কৰে ভূক্তভোগীৰ পৰিয়ালবৰ্গই ৷

লগতে চাওকঃকৃত্ৰিম বানৰ কবলত কৰিমগঞ্জ চহৰ

ABOUT THE AUTHOR

...view details