নগাঁও, ৯ এপ্ৰিল: দেশৰ লগতে ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ দ্ৰুত গতিত ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । নগাঁৱতো অতি দ্ৰুত গতিত ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । ক'ৰণাৰ দ্বিতীয় ঢৌৱে নগাঁৱত সৃষ্টি কৰিছে আতংকৰ । বৃহস্পতিবাৰৰ দিনটোত এটি তিনিবছৰীয়া শিশুসহ পাঁচগৰাকীকৈ লোকৰ দেহত ক'ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ লগতে এগৰাকী লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় ।
বৃহস্পতিবাৰে মৃত্যু হোৱা লোকজন মেঘৰাজ কোঠাৰী বুলি জানিব পৰা গৈছে । গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মেঘৰাজ কোঠাৰীৰ । কোঠাৰীৰ লগতে তেওঁৰ পৰিয়ালৰ আটাইকেইজন সদস্য ক'ভিড-১৯ত আক্ৰান্ত হৈছিল । ইফালে, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ এগৰাকী কৰ্মচাৰীও আক্ৰান্ত হয় ক'ভিড-১৯ ত ।