নগাঁও, 23 আগষ্ট:নগাঁওবাসী সাৱধান হওক (Counterfeit medicines) ৷ এইবাৰ নগাঁৱৰ একাংশ ফাৰ্মাচীত বিক্ৰী হৈছে ভেজাল ঔষধ (Counterfeit medicines sold in pharmacies in Nogaon) ৷ জীৱনদায়িনী ঔষধৰ নামত যেন বৰবিহ বিক্ৰী কৰি ৰোগীৰ জীৱনলৈ কঢ়িয়াই আনিছে ভাবুকি । নগাঁও আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে ভেজাল ঔষধ বিক্ৰীৰ ভয়ংকৰ তথ্য (Nogaon police drive against Counterfeit medicines) ৷
সোমবাৰে নিশা নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ উপ-পৰিদৰ্শকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁৱৰ হেৰাপট্টি অঞ্চলত ভেজাল ঔষধৰ বিৰুদ্ধে অভিযান চলায় ৷ দীৰ্ঘদিন ধৰি হেৰাপট্টিৰ সমীৰ হুছেইন নামৰ এজন লোকে নিজৰ ঘৰতে ভেজাল ঔষধ মজুত ৰাখি নগাঁৱৰ বিভিন্ন ফাৰ্মাচীত যোগান ধৰি অহা বুলি এক গোপন সূত্ৰে খবৰ লাভ কৰিছিল নগাঁও আৰক্ষীয়ে ৷ এই খবৰৰ ভিত্তিতেই নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে নিশা হঠাৎ অভিযান চলাই হেৰাপট্টিৰ সমীৰ আলীৰ বাসগৃহত (one accused arrested)৷