চামগুৰি, 20 জুন : খলপীয়া দেউৰাবড়িত প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ ৷ প্ৰাপ্ত তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ অধীনত অসম চৰকাৰৰ বটদ্ৰৱা গড়কাপ্তানী পথ উপসংমণ্ডলৰ অধীনত মুঠ ২ কোটি ৬ লাখ ১০ হাজাৰ ৪৫০ টকা ব্যয় সাপেক্ষে খলপীয়াৰ পৰা দেউৰাবড়িলৈ ২.৪৩ কিলোমিটাৰ পথছোৱা পকীকৰণৰ কাম আৰম্ভ হৈছিল ৷ কিন্তু, পথছোৱা পকীকৰণৰ কাম আৰম্ভ হ'ল যদিও ঠিকাদাৰ হৰেন চন্দ্ৰ বৰাই মইমতালিৰে আধা পথ পকী কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে ।
পথছোৱা আধা পকী কৰিয়েই দায়িত্ব সামৰাত স্থানীয় ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে ৷ জানিব পৰা মতে, উক্ত পথছোৱাত বক্স কালভাৰ্ট নিৰ্মাণৰ কথা আছিল ৷ এইক্ষেত্ৰতো মাত্ৰ কেইডালমান ৰ'ড পুতি আৰ্হি প্ৰস্তুত কৰিয়েই ঠিকাদাৰজন অন্তৰ্ধান হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে এতিয়া অঞ্চলটোৰ লোকসকল যঠেষ্ট সমস্যাৰ সন্মুখীন হৈছে ।