অসম

assam

ETV Bharat / state

সৌৰ চাকিৰে পকেট গৰম ঠিকাদাৰৰ, আন্ধাৰত জনসাধাৰণ !

প্ৰতিটো পঞ্চায়তত ৬ৰ পৰা ১০ হাজাৰ টকীয়া অতি নিম্নমানৰ সৌৰ চাকি লগাই লুণ্ঠন চলাই দায়িত্ব সামৰাৰ বাবেই এতিয়া নিশা অধিকাংশ চাকিয়েই পোহৰ বিলাবলৈ সক্ষম নোহোৱাৰ অভিযোগ উঠিছে।

সৌৰ চাকিৰে পকেট গৰম ঠিকাদৰৰ, আন্ধাৰত জনসাধাৰণ !

By

Published : Sep 13, 2019, 7:23 PM IST

Updated : Sep 13, 2019, 11:51 PM IST

নগাঁও,13চেপ্তেম্বৰঃ সৌৰ চাকিৰ নামত ৰাজ্যত বৃহৎ কেলেংকাৰী ৷ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়ত সমুহত সৌৰশক্তি চালিত বিজুলী বাতি স্থাপনৰ নামত বৃহৎ কেলেংকাৰী ৷ খণ্ড উন্নয়ন বিষয়া , পঞ্চায়ত সচিবৰ লগতে নাম সাঙোৰ খাইছে বিজেপি নেতাৰ ৷ অভিযোগ অনুসৰি, গ্ৰামাঞ্চলত সৌৰশক্তি চালিত বিজুলী বাতি স্থাপনৰ নামত জুৰীয়া উন্নয়ন খণ্ড বিষয়া, একাংশ বিজেপিৰ নেতা-পালিনেতা আৰু পঞ্চায়ত সচিব সকলে সংঘটিত কৰিছে এই বৃহৎ কেলেংকাৰী। জুৰীয়া উন্নয়ন খণ্ডত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষত আৱণ্টন হয় মুঠ ১ কোটি ৮৪ লাখ ৯৭ হাজাৰ ৩৩৭ টকা।উক্ত বৃহৎ পৰিমাণৰ ধনেৰে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত ১৯ টা পঞ্চায়তত সৌৰশক্তি চালিত বিজুলী বাতি স্থাপনৰ ব্যৱস্থা হাতত লোৱা হয়।

সৌৰ চাকিৰে পকেত গৰম ঠিকাদৰৰ, আন্ধাৰত জনসাধাৰণ !
আনহাতে, বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি অনিল শ‌ইকীয়াৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত একাংশ বিজেপিৰ নেতা-পালিনেতাক লৈ নিৰ্মাণ সমিতি সমূহ গঠন কৰা হয়। এইগৰাকী বিজেপিৰ বিয়াগোম নেতাৰ নিৰ্দেশতে কেইটামান প্ৰতিষ্ঠানক সৌৰশক্তি চালিত বিজুলী বাতি সমূহ যোগান ধৰাৰ ঠিকা দি সমগ্ৰ চক্ৰটোৱে ব্যাপক লুণ্ঠন চলাই যায়। উদাহৰণ স্বৰূপে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত তিনিচুকীয়া গাঁও পঞ্চায়তত ১৪ টা সৌৰ চাকিৰ বিপৰীতে আৱণ্টন হয় ৪ লাখ ৩৬ হাজাৰ ৭৬৮ টকা। অৰ্থাৎ প্ৰতিটো সৌৰ চাকিৰ মূল্য ৩০ হাজাৰ ৯১২ টকা।সেইদৰে শিঙিয়া গাওঁ পঞ্চায়তত ২৬ টা সৌৰ চাকি লগোৱাৰ নামত ৭ লাখ ৭ হাজাৰ টকা আৱণ্টন দিয়া হয়। আনহাতে, কছাৰীগাঁও গাওঁ পঞ্চায়তত ২৩টা সৌৰ চাকি লগোৱাৰ নামত ৬ লাখ ২৪ হাজাৰ টকা আৱণ্টন দিয়া হয় ।কিন্ত প্ৰতিটো পঞ্চায়তত ৬ৰ পৰা ১০ হাজাৰ টকীয়া অতি নিম্নমানৰ সৌৰ চাকি লগাই লুণ্ঠন চলাই দায়িত্ব সামৰাৰ বাবেই এতিয়া নিশা অধিকাংশ চাকিয়েই পোহৰ বিলাবলৈ সক্ষম নোহোৱাৰ অভিযোগ উঠিছে। জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আলতাফ হুছেইন, বিজেপিৰ কলিয়াবৰ জিলা সভাপতি অনিল শ‌ইকীয়া, গাওঁ পঞ্চায়তৰ সচিবৰ নেতৃত্বত এটা চক্ৰ‌ই নিম্ন মানৰ কামেৰে আৱণ্টিত ধনৰাশি আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।ইয়াৰোপৰি অভিযোগ উত্থাপন হৈছে যে, বিজেপি নেতা শ‌ইকীয়াই একমাত্ৰ চৰকাৰী ধনৰ ওপৰত লুন্ঠন চলোৱাৰ স্বাৰ্থতে জুৰীয়াৰ উন্নয়ন খণ্ডৰ বি ডি অ' গৰাকীৰ নগাঁও চহৰস্থিত ভাৰাঘৰত প্ৰায়ে নিশাৰ ভাগত মিলিত হৈ গোপন আলোচনাত লিপ্ত হয়। এতিয়া জুৰীয়া অঞ্চলৰ সচেতন ৰাইজে এই সমগ্র কেলংকাৰী সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বিভাগীয় তদন্তৰ দাবী জনাইছে। পিচে দূৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰে এই বিষয়ত কি পদক্ষেপ লয় সেইয়া সময়ত হে লক্ষণীয় হ'ব৷
Last Updated : Sep 13, 2019, 11:51 PM IST

ABOUT THE AUTHOR

...view details