নগাঁও,16 মাৰ্চ:ৰাজ্যৰ শাসনাধিস্থ চৰকাৰখনে দূৰ্নীতিৰ বিৰুদ্ধে সৱল স্থিতিৰ কথা যিমানেই নকওঁক কিয় ৰাজ্যৰ প্ৰায়বোৰ ক্ষেত্ৰতে এতিয়াও অব্যাহত আছে চৰম দুৰ্নীতি ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী আঁচনি ৰূপায়নৰ ক্ষেত্ৰত সংঘটিত হৈ আহিছে কোটি টকীয়া কেলেংকাৰী ৷ ভিন্ন সময়ত দল-সংগঠন সমূহে প্ৰতিবাদ কৰি আহিছে যদিও সমূলি দূৰ হোৱা নাই দুৰ্নীতি ৷ কিয়নো শেহতীয়াভাৱে নগাঁও জিলাৰ ৰাঙলুত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ স্থানীয় ৰাইজৰ অভিযোগ ঠিকাদাৰে নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাৰ বাবেই দুদিন পাচতে চপৰা-চপৰে উঠি গৈছে পথটো ৷
নগাঁৱৰ ৰাঙলুত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি - ঠিকাদাৰৰ অকৰ্মন্যতা
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী আঁচনি ৰূপায়নৰ ক্ষেত্ৰত সংঘটিত হৈ আহিছে কোটি টকীয়া কেলেংকাৰী ৷ ভিন্ন সময়ত দল-সংগঠন সমূহে প্ৰতিবাদ কৰি আহিছে যদিও সমূলি দূৰ হোৱা নাই দুৰ্নীতি ৷ কিয়নো শেহতীয়াভাৱে নগাঁও জিলাৰ ৰাঙলুত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷

নগাঁৱৰ ৰাঙলুত পথ নিৰ্মাণত ব্যাপক দূৰ্নীতি
নগাঁৱৰ ৰাঙলুত পথ নিৰ্মাণত ব্যাপক দূৰ্নীতি
উল্লেখ্য যে, নগাঁৱৰ কচুপিতৰ পৰা ৰাঙলু সংযোগী পথটোৰ এনে অৱস্থাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ ঠিকাদাৰৰ অকৰ্মন্যতাৰ বাবেই পথৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিলে ক্ষোভিত স্থানীয় ৰাইজে । ৰাইজৰ দাবী পথটো নিৰীক্ষণৰ বাবে বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষ উপস্থিত নোহোৱালৈকে বন্ধ ৰাখিব নিৰ্মাণ কাৰ্য ৷