অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

মূৰৰ পৰা গেলিব ধৰিছে ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগ । প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণৰ নামত ধন আত্মসাৎ একাংশ পঞ্চায়ত প্ৰতিনিধিৰ । শূণ্য সহনশীলতাৰ কথা কোৱা ৰাজ্য চৰকাৰৰ দুৰ্নীতিগ্ৰস্ত একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে নগাঁৱৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ কন্দলী গাঁও পঞ্চায়তৰ হিতাধিকাৰীসকলে ৷

corruption in pmgy house construction
প্ৰধানমন্ত্ৰী আবাস গৃহ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

By

Published : Jul 15, 2021, 4:27 PM IST

বঢ়মপুৰ, 15 জুলাই : দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে যিমানেই শূন্য সহনশীলতাৰ কথা নকওঁক কিয় ৰাজ্যৰ প্ৰতিটো প্ৰান্তত প্ৰতিদিনে সংঘটিত হৈ আহিছে সৰু-বৰ কেলেংকাৰীৰ তথ্য ৷ ইয়াৰ মাজতে ৰাজ্যত পুনৰ পোহৰলৈ আহিছে আন এক দুৰ্নীতিৰ তথ্য ৷ এইবাৰ প্ৰধানমন্ত্ৰীৰ গৃহ নিৰ্মাণৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে নগাঁও জিলাৰ কঠিয়াতলীৰ ৰাইজে ৷

অভিযোগ অনুসৰি, নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ কন্দলী গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি ৷ প্ৰধানমন্ত্ৰী আৱাসগৃহৰ নিৰ্মাণৰ নামত হিতাধিকাৰীৰ পৰা পঞ্চায়তৰ সদস্যই ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে ৷ কন্দলী গাঁও পঞ্চায়তৰ দৰিদ্ৰ সীমাৰেখাৰ হিতাধিকাৰীৰ পৰা বিভিন্ন প্ৰৰোচনাৰে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ২ নং ৱাৰ্ড সদস্যৰ বিৰুদ্ধে ৷

প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

কন্দলী গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ড সদস্য গৰাকীৰ নাম হৈছে মংলেশ্বৰ কিস্কু ৷

ভুক্তভোগী হিতাধিকাৰীয়ে অভিযোগ কৰা অনুসৰি, প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণৰ নামত কৰিছে কেৱল ভেঙুচালি ৷ অভিযোগ অনুসৰি, বাহিৰতো ৰংচঙীয়া কৰি ৱাৰ্ড সদস্যসকলে মাত্ৰ দুখন টিনপাত লগাই ঘৰ সম্পূৰ্ণ কৰা দেখুৱাই হিতাধিকাৰীৰ পৰা ধন আত্মসাৎ কৰি আহিছে ৷ পঞ্চায়তৰ একাংশ দালালৰূপী ৱাৰ্ড সদস্যৰ বাবে বিগত দুটা বছৰে চৰকাৰে যোগান প্ৰধানমন্ত্ৰী আৱাসগৃহ সম্পূৰ্ণ নহ'ল ।

যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে হিতাধিকাৰীসকল ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনটো এনে অভিযোগ উত্থাপিত হৈছে ৷ পঞ্চায়ত তথা দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰে কি স্থিতি গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:অসমৰ গো-সংৰক্ষণ বিধেয়কে উত্তৰ-পূৱত আশাহত কৰিব নেকি বিজেপিক ?

ABOUT THE AUTHOR

...view details