বঢ়মপুৰ, 26মে': নগাঁৱৰ কামপুৰ লুটুমাৰী লংজাপ মাজগাঁৱত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে ৷ চিগনেছাৰ প্ৰজেক্টৰ নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা মাজগাঁৱৰ চাৰিআলিৰ পৰা চাঙখোলা দলঙলৈ যোৱা পথ চোৱাত নিম্নমানৰ কাম কৰি ব্যাপক অনিয়ম সংঘটিত কৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগ, পথচোৱা নিৰ্মাণৰ সময়ত ব্লেক টপিং কৰাৰ আগত যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰিছে সেইয়া অতি নিম্ন মানদণ্ডৰ। কাৰণ নিৰ্মাণৰ দুদিন নহওঁতেই পথটোৰ পৰা চপৰা-চপৰে উঠি গৈছে ব্লেক টেপিং সমূহ ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
বুধবাৰে স্থানীয় ৰাইজ উত্তেজিত হৈ পথটোৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাইজে পথটো নিৰ্মাণত ব্যৱহাৰ হোৱা বাহন তথা মেচিনসমূহ জব্দ কৰি ঠিকাদাৰ, অভিযন্তাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি পথচোৱা মেৰামতি কৰা দাবী উত্থাপন কৰাৰ লগতে ঠিকাদাৰ বাবুল নাথ আৰু অভিযন্তা গোবিন্দ সিং আহিলেহে মুকলি কৰি দিব উল্লেখ কৰে ৷