ধিং,১৯ জুলাই: চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে মৈৰাবাৰী উন্নয়ন খণ্ডত চলিছে চৰ উন্নয়ন বিভাগৰ সামগ্ৰীৰ লুন্ঠন (Corruption In Mairabari char development block) । চৰ অঞ্চলৰ সামগ্ৰীক লৈ মৈৰাবাৰী উন্নয়ন খণ্ডত লুন্ঠনৰাজ চলাত ৰাইজৰ চকু কপালত উঠিছে । চৰকাৰৰ নিৰ্দেশনা নমনা চৰ উন্নয়ন বিভাগৰ ছুপাৰভাইজাৰ আনোৱাৰ হুছেইনৰ নেতৃত্বত চলিছে চৰৰ সামগ্ৰীৰ এনে ভয়ানক লুন্ঠন । চৰৰ হিতাধিকাৰীক সামগ্ৰী বিতৰণ কৰাৰ পৰিৱৰ্তে ছুপাৰভাইজাৰজনে মুকলিকৈ এনে সামগ্ৰী বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে ।
Corruption In Mairabari: মৈৰাবাৰীত চৰ উন্নয়ন বিভাগত লুন্ঠন - Corruption In Mairabari
চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ সময়তে মৈৰাবাৰী উন্নয়ন খণ্ডত চলিছে চৰ উন্নয়ন বিভাগৰ সামগ্ৰীৰ লুন্ঠন (Corruption In Mairabari char development block)। চৰ অঞ্চলৰ সামগ্ৰীক লৈ মৈৰাবাৰী উন্নয়ন খণ্ডত লুন্ঠনৰাজ চলাত ৰাইজৰ চকু কপালত উঠিছে ।
![Corruption In Mairabari: মৈৰাবাৰীত চৰ উন্নয়ন বিভাগত লুন্ঠন y](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-15863273-804-15863273-1658208982662.jpg)
মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডত প্ৰতিটো বছৰে চৰকাৰে আৱন্টন দিছে চাইকেল,পাৱাৰ টিলাৰ,চিলাই মেচিন,ছ'লাৰ লাইট আদি । পিছে এই সামগ্ৰী সমূহ বিতৰণ কৰাৰ পৰিৱৰ্তে একাংশ দালালৰ হতুৱাই চলাই গৈছে ক'লা ব্যৱসায় । দুৰ্নীতিপৰায়ণ ছুপাৰভাইজাৰ আনোৱাৰৰ বিৰুদ্ধে ৰাইজে দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছে যদিও সংশ্লিষ্ট বিভাগে এতিয়ালৈকে তেওঁৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ কৰা নাই । ৰহস্যজনক বিষয় যে চৰৰ সামগ্ৰী মুকলিকৈ বিক্ৰী কৰা অৱস্থাত মৈৰাবাৰী উন্নয়ন খন্ডত উন্নয়ন বিষয়া গৰাকী উপস্থিত নাছিল যদিও একাংশ আঞ্চলিক সদস্য সদস্যা কাৰ্যালয়ত বহি আছিল ।
লগতে পঢ়ক:etv comment image Thumbnail image Scam in ASTC: অসম ৰাজ্যিক পৰিবহন নিগমত বৃহৎ নিযুক্তি কেলেংকাৰী
TAGGED:
Corruption In Mairabari