চামগুৰি, 10 ফেব্ৰুৱাৰী : ATTENTION ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৷ আপুনি বাৰু জানেনে, ৰাজ্যৰ বিভাগ সমূহৰ ভিতৰ চ’ৰাত প্ৰকৃততে কি হৈ আছে ? খবৰ ৰাখিছেনে, কোন বিভাগত কোন মন্ত্ৰী আমোলাই উন্নয়নৰ নামত ক’ত কিমান ধন ব্যয় কৰিছে ? যদি নাজানে, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷
বিভিন্ন সময়ত পোহৰলৈ আহিছে উন্নয়নৰ নামত ঢাক-ঢোল বজাই থকা চৰকাৰখনৰ বিভিন্ন বিভাগত সংঘটিত হৈ থকা বিভিন্ন দুৰ্নীতিৰ তথ্য ৷ এইবাৰ আন এক দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগত ৷ ঘটনাৰ স্থান নগাঁৱৰ পদুমনি ৷ বিগত 11 বছৰে সম্পূৰ্ণ নহ’ল পদুমনিৰ পথাৰত বৃহত্তৰ অঞ্চলৰ সুবিধাৰ বাবে স্থাপন কৰা জলসিঞ্চন ব্যৱস্থা (Incomplete a irrigation project in Nagaon) ৷
পৰিত্যক্ত লাখটকীয়া জলসিঞ্চন প্ৰকল্প কিন্তু বৰ্তমান বগা হাতীত পৰিণত হৈছে নগাঁৱৰ পদুমনিত স্থাপন কৰা জলসিঞ্চন ব্যৱস্থাটো ৷
কেইবা লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলসিঞ্চন ব্যৱস্থাটো এতিয়া পৰিতক্ত হৈ পৰি ৰৈছে ৷ এই সন্দৰ্ভত কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ পদুমনিবাসীৰ ৷
১১ বছৰে অসম্পূৰ্ণ কোটি টকীয়া জলসিঞ্চন প্ৰকল্প জানিব পৰা মতে, বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ সুবিধাৰ্থে পদুমনিৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিবৰ বাবে প্ৰায় ১৬ কোটি টকা ব্যয় সাপেক্ষে হাতত লোৱা হৈছিল এখন অত্যাধুনিক চুইছ গেট নিৰ্মাণৰ কাম (16cr corruption in a irrigation project in Nagaon) । কিন্তু অতি ৰহস্যজনকভাৱে কেৱল মাত্ৰ প্ৰাৰম্ভিক কামখিনি কৰিয়েই প্ৰায় ১১ বছৰে আধৰুৱাকৈ পেলাই থোৱা হৈছে চুইছ গেটখনৰ নিৰ্মাণকাৰ্য । যাৰ ফলত এতিয়া জহি-খহি গৈছে নিৰ্মিয়মান অংশসমূহৰ লগতে দুটিকৈ আবাস গৃহও ।
স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, ১১ বছৰ পূৰ্বে কংগ্ৰেছ চৰকাৰ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দিনতে আৰম্ভ হৈছিল এই প্ৰকল্পৰ কাম ৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দিনত আৰম্ভ কৰা এই প্ৰকল্পৰ ঠিকা লৈছিল বঢ়মপুৰৰ কংগ্ৰেছী নেতা সুৰেশ বৰাই ৷ ৰাইজৰ অভিযোগ, প্ৰকল্পটোৰ প্ৰাৰম্ভিক কামখিনি কৰিয়েই আৱন্তিত সমূদায় ধন আত্মসাৎ কৰিছে সুৰেশ বৰাই ৷
উল্লেখ্য যে, এই বিশেষ প্ৰকল্পটোৰ বাবে স্ব-ইচ্ছাৰে নিজৰ ভূমিও প্ৰদান কৰিছিল স্থানীয় কৃষক ৰাইজে ৷ কিন্তু বৰ্তমান এই বিশেষ প্ৰকল্পটোৰ এই অৱস্থা দেখি ক্ষুভিত হৈ পৰিছে গঞা ৰাইজ ৷ যাৰ বাবে অঞ্চলটোৰ ভুক্তভোগী কৃষক ৰাইজে পৰিত্যক্ত ব্যয়বহুল প্ৰকল্পটোত সংঘটিত দুৰ্নীতিৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে ৷
লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰি চুইছ গেটখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি শীঘ্ৰে প্ৰকল্পটো কাৰ্যক্ষম কৰি দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ৷
লগতে পঢ়ক :ৰাজ্যত বিকল হৈ আছে জলসিঞ্চনৰ ১৮৫৪ খন আঁচনি