চামগুৰি, 8 জুন :ৰেচন কাৰ্ড বনাই দিয়াৰ নামত সুলভ মূল্যৰ এজেণ্টৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ । এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷
অভিযোগ অনুসৰি, আমবাগান সমবায় সমিতিৰ অন্তৰ্গত কাঠপাৰাৰ চাইফুল ইছলাম নামৰ এজেণ্টজনে দৰিদ্ৰ লোকক ৰেচন কাৰ্ড বনাই দিয়াৰ প্ৰলোভন দি 3 হাজাৰ টকাকৈ ধন সংগ্ৰহ কৰি আহিছে ৷ এজেণ্টজনে তেওঁলোকৰ ৰেচন কাৰ্ড বনাই নিদিয়াত ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে গ্ৰাহকসকলে ।