অসম

assam

By

Published : May 24, 2021, 5:55 PM IST

ETV Bharat / state

কঠিয়াতলী উন্নয়ন খণ্ডত পঞ্চায়ত সদস্যৰ লুন্ঠণৰাজ

জুৰিপাৰ গাঁও পঞ্চায়তৰ কেইবাখনো আঁচনিত দুৰ্নীতি সংঘটিত কৰি আঞ্চলিক পঞ্চায়তৰ সদস্য দিব্যজ্যোতি বৰাই চৰকাৰী ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেইবাজনো ৱাৰ্ডৰ সদস্যই ৷

কঠিয়াতলী উন্নয়ন খণ্ডত লুন্ঠনৰাজ চলাইছে পঞ্চায়ত সদস্যই
কঠিয়াতলী উন্নয়ন খণ্ডত লুন্ঠনৰাজ চলাইছে পঞ্চায়ত সদস্যই

বঢ়মপুৰ, 24 মে' : নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিপাৰ গাঁও পঞ্চায়তত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ জুৰিপাৰ গাঁও পঞ্চায়তৰ কেইবাখনো আঁচনিত দুৰ্নীতি সংঘটিত কৰি আঞ্চলিক পঞ্চায়তৰ সদস্য দিব্যজ্যোতি বৰাই চৰকাৰী ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেইবাজনো ৱাৰ্ডৰ সদস্যই ৷

জানিব পৰা মতে, কঠিয়াতলী উন্নয়ন খণ্ডৰ অধীনত এটা নলা নিৰ্মাণ কৰাৰ বাবে ১৪ লাখ ৭২ হাজাৰ টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছিল ৷ নলা নিৰ্মাণৰ বাবে অনুমোদন জনোৱা এই টকাৰ সিংহভাগ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে দিব্যজ্যোতি বৰা বিৰুদ্ধে ৷

কঠিয়াতলী উন্নয়ন খণ্ডত লুন্ঠনৰাজ চলাইছে পঞ্চায়ত সদস্যই

ইফালে 2 লাখ টকাৰ ব্যয় সাপেক্ষে পীতাম্বৰ দেৱ গোস্বামী মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত মাটি দিয়াৰ ব্যৱস্থা কৰা হৈছে তাতো দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে দিব্যজ্যোতি বৰাৰ বিৰুদ্ধে ৷ দুৰ্নীতি ঢাকিবলৈ এই আঁচনিৰ ফলক খন আঞ্চলিক পঞ্চায়তৰ সদস্য দিব্যজ্যোতি বৰাই ভাঙি পেলোৱাৰো অভিযোগ উত্থাপন হৈছে ৷

তদুপৰি এম জি এনৰেগা আঁচনিৰ কাম শ্ৰমিকৰ জৰিয়তে কৰিব লাগে যদিও দিব্যজ্যোতি বৰাই সকলো কাম জেচিবি ডাম্পাৰৰ সহায়ত কৰে বুলিও অভিযোগ উত্থাপন কৰিছে পঞ্চায়তখনৰ কেইবাগৰাকী ৱাৰ্ডৰ সদস্যই ৷ এই ক্ষেত্ৰত কঠিয়াতলী উন্নয়ন খণ্ডৰ খণ্ড বিষয়াক অৱগত কৰা হৈছে যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ স্থানীয় ৰাইজে পঞ্চায়তটোত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে বিভাগীয় ভাৱে এক তদন্তৰ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: নপতা ফুকনৰ জন্ম নিদিব : বিধানসভাত মুখ্যমন্ত্ৰীক আহ্বান বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details