চামগুৰি,30 ছেপ্তেম্বৰ : বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ এক গোপন তথ্য সম্প্ৰতি পোহৰলৈ আহিছে চলচলি সমবায় সমিতিত ৷ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দ্বাৰা আৱণ্টিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সামগ্ৰী সমূহ, সুলভ মূল্যৰ ব্যৱসায়ী সকলৰ জৰিয়তে হিতাধিকাৰী ৰাইজৰ মাজত বিতৰণ কৰিবলৈ গঠন কৰা হৈছিল সমবায় সমিতি ৷ সেই সমবায় সমিতিতে এইবাৰ সংঘটিত হৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি ৷
উল্লেখযোগ্য যে, চলচলি সমবায় সমিতিখনত ২০১৭ চনৰে পৰা বিগত তিনি বছৰে নিৰ্ধাৰিত সময়সূচী অনুসৰি অনুষ্ঠিত হোৱা নাই এখনো সাধাৰণ সভা ৷ জানিবপৰা মতে, চলচলি সমবায় সমিতি লিমিটেডত পূৰ্বৰে জমা টকা আছিল ৭ লাখ ২১ হাজাৰ ৷ সম্প্ৰতি ২৩৭০ গৰাকী অংশীদাৰৰ সমূহীয়া এই জমা টকা ক’ত হৰলুকি হ’ল তাৰ তথ্য বিচাৰি এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে সদস্য সকলে ৷ আনহাতে এখন সাধাৰণ সভা বিচাৰি সদস্য সকলে সভাপতি, সম্পাদকৰ পাছে পাছে আহযাহ কৰিব লগীয়া হৈছে ৷