নগাঁও, 24 ফেব্ৰুৱাৰী: এইবাৰ নগাঁও আৰক্ষীৰ জালত পৰিছে দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ এগৰাকী কৰ্মচাৰী (Corrupt panchayat employees arrested) । নগাঁৱৰ ৰূপহীহাট উন্নয়ন খণ্ডৰ জীউমাৰী গাঁও পঞ্চায়তৰ সমন্বয়ক চাকিল আহমেদে বিভিন্ন দুৰ্নীতিত নিমজ্জিত হৈ অৱশেষত জালত পৰিবলগীয়া হয় নগাঁও আৰক্ষীৰ ।
বিভিন্ন আঁচনি ৰূপায়নৰ নামতো দুর্নীতি সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত এইজন চাকিল আহমেদৰ নামত এইবাৰ উত্থাপন হৈছে বেংকৰ ঋণ কেলেংকাৰীৰ অভিযোগ (Bank loan scam) । প্ৰবঞ্চনাৰে বিভিন্নজনৰ নামত বেংকৰ পৰা ঋণ লোৱাৰ অভিযোগ উত্থাপন হৈছে জীউমাৰী গাঁও পঞ্চায়ত সচিব এইজন চাকিল আহমেদৰ বিৰুদ্ধে । জালিয়াতিৰ আশ্ৰয় লৈ বহু লোকৰ অজ্ঞাতে বেংকৰ ঋণ লৈ আত্মসাতৰ ফন্দি কৰিছিল এইজন চাকিল আহমেদে । এই সন্দৰ্ভত এক অভিযোগ লাভ কৰে নগাঁও আৰক্ষীয়ে । এই অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে আৰম্ভ কৰে অনুসন্ধান ।
নগাঁও আৰক্ষীৰ জালত দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত কৰ্মচাৰী বুধবাৰে নিশা নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে অভিযান চলাই দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত কৰ্মচাৰী চাকিল আহমেদক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ জালত পৰা ৰূপহীহাটৰ জিউমাৰী গাঁও পঞ্চায়তৰ সমন্বয়ক চাকিল আহমেদৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে । প্ৰধানমন্ত্ৰী আবাস যোজনাকে ধৰি বিভিন্ন আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত কৰি বিলাসী বাহন লৈ ফুৰা পঞ্চায়ত কৰ্মচাৰী চাকিল আহমেদক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।
উল্লেখযোগ্য যে, নগাঁৱৰ ৰূপহীহাট উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী আবাস যোজনা, এনেৰেগাকে ধৰি বিভিন্ন আঁচনি ৰূপায়নৰ নামত উন্নয়ন খণ্ডটোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷
লগতে পঢ়ক:Encounter at Gogamukh: এইবাৰ গোগামুখত এনকাউণ্টাৰ, গুলীবিদ্ধ এজন অপৰাধী