অসম

assam

দৰমহা নহয়, উৎকোচৰ ধনেৰে চলিছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সঞ্চালক !

By

Published : Dec 15, 2020, 8:52 PM IST

দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত টকা লোৱা কাৰ্য হাতে লোটে ধৰা পৰা পিচতো বৰ্তমানলৈকে তাৰ একো ব্যৱস্থা গ্ৰহণ কৰা নাই স্বাস্থ্য বিভাগে ৷ H.D.M.O জয়নাল আবেদিন ফাৰুকিৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ তুলিছিল স্বাস্থ্য কেন্দ্ৰটিৰ আশা কৰ্মীৰ লগতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত সাধাৰণ লোকে ৷

corrupption at Primary healthCenter
উৎকোচৰ ধনেৰে চলিছে প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰৰ H.D.M.O

ৰূপহীহাট, 15 ডিচেম্বৰ : ৰূপহীহাটৰ জুৰীয়া দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত টকা লোৱা কাৰ্য হাতে লোটে ধৰা পৰাৰ পিচতো বৰ্তমানলৈকে তাৰ একো ব্যৱস্থা গ্ৰহণ কৰা নাই স্বাস্থ্য বিভাগে ৷ উল্লেখ্য যে, H.D.M.O জয়নাল আবেদিন ফাৰুকিৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ তুলিছিল স্বাস্থ্য কেন্দ্ৰটিৰ আশা কৰ্মীৰ লগতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত সাধাৰণ লোকে ৷

উৎকোচৰ ধনেৰে চলিছে প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰৰ H.D.M.O

অভিযোগ অনুসৰি প্ৰত্যেক দিনাই দগাওঁ প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰত H.D.M.O জয়নাল আবেদিন ফাৰুকিৰ নিৰ্দেশতে স্বাস্থ্য কেন্দ্ৰত জন্মৰ প্ৰমাণপত্ৰ, মৃত্যুৰ পঞ্জীয়ন আৰু আধাৰ কাৰ্ড আদিৰ বাবে ডাক্তৰৰ স্বাক্ষৰৰ বাবদ সাধাৰণ লোকৰ পৰা টকা লৈছিল একাংশ দালালে ৷ অকল এয়াই নহয় HDMO জয়নাল আবেদিন ফাৰুকিৰ সন্মুখতে যিকোনো কামৰ বিনিময়ত একাংশ দালালে উৎকোচ লোৱাৰ অভিযোগ তুলিছে আশা কৰ্মী সকলেও ৷

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিভাগতে সংঘটিত এনে অপকৰ্মই ক্ষোভিত কৰি তুলিছে সাধাৰণ ৰাইজক ৷ ইফালে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত H.D.M.O গৰাকীৰ এনে অপকৰ্মৰ সন্দৰ্ভত জিলা স্বাস্থ্য বিভাগক অৱগত কৰা হৈছিল যদিও বৰ্তমান সময়লৈকে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে কেন্দ্ৰটোৰ আশা কৰ্মী সকলে ৷

লগতে পঢ়ক:পৃথিৱীৰ পৰা ১০০ মিলিয়ন কিলোমিটাৰ দূৰৈত অৱস্থান চীনৰ মংগল যান

ABOUT THE AUTHOR

...view details